ধৰ্ম আৰু ইয়াৰ প্ৰয়োজনীয়তা-০৩ ~প্ৰবন্ধ- হেমেন হাজৰিকা

©Admin
0
ধৰ্মৰ মাধ্যমেৰে যিবোৰ নীতি-নিয়ম প্ৰয়োগ কৰা হয় মানুহে সেইমতে নচলে | নাপায়ৰ ধাৰণা দি বহু বেয়া কামৰ পৰা মানুহক আঁতৰত ৰাখে | বেছিভাগ মানুহৰে নিজস্ব জ্ঞান বুদ্ধি কম | সেয়ে তেওঁলোকৰ বাবে প্ৰয়োজন হয় কিছুমান বাহ্যিক নীতি-নিয়মৰ | নিজ কৰ্তব্য কৰ্মৰ লগত যেতিয়া ঈশ্বৰ সেৱা জড়িত হয় তেতিয়াই সি ধৰ্ম হয় | এই ধৰ্ম-কৰ্ম , জ্ঞান আৰু ভক্তিৰ মাধ্যমেৰে সম্পাদিত হয় | ধৰ্মৰ বাবে জীৱন নহয় , জীৱনৰ বাবেহে ধৰ্ম | ধৰ্মই ব্যক্তি আৰু সমাজৰ উভয়কে উপকৃত কৰি আহিছে | প্ৰাকৃতিক দুৰ্যোগ , বেমাৰ- আজাৰ , অৰ্থনৈতিক দুৰ্দশা আদিত মানুহ জুৰুলা হয় | এইবোৰৰ পৰা উদ্ভৱ হোৱা দুখ উপশম কৰাত ধৰ্মই যথেষ্ট সহায় কৰে | ধৰ্মই মানুহৰ একমাত্ৰ সান্তনাৰ স্থল | ধৰ্ম নথকা হ'লে এতিয়ালৈকে বহু লোকে জীৱনৰ অৰ্থ উপব্ধি কৰিব নোৱাৰিলেহেঁতেন | ধৰ্মৰ উপাদান বিশ্বাসেৰে সকলোবোৰ ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰি মানুহে নিজকে চিন্তন মুক্ত কৰি তুলিব পাৰে | ধৰ্মই সামাজিক বান্ধোনৰ এনাজৰী শক্তিশালী কৰি তোলে | পিতৃ মাতৃক ভক্তি কৰিব লাগে , শিক্ষকক শ্ৰদ্ধা কৰিব লাগে , ডাঙৰক সন্মান কৰিব লাগে , স্বামী-স্ত্ৰী উভয়ে উভয়ৰ প্ৰতি বিশ্বাসী হ'ব লাগে , ধাৰে লোৱা ধন ঘূৰাই দিব লাগে , হত্যা , চুৰ আদি কৰিব নালাগে , সদাচাৰ পালিব লাগে , কথাৰ শিক্ষা আমাক ধৰ্মই দিয়ে | এনেবোৰ নীতি-নিয়ম পালনে সামাজিক বিশৃংখলা আঁতৰাই আৰু মানুহক দয়া , প্ৰেমৰ মাজেৰে একতাৰ এনাজৰীৰে বান্ধি ৰাখে | হিন্দু সমাজত ভিক্ষা দিয়াটো এটা ধৰ্মীয় কাম বুলি ভবা হয় | ইছলাম ধৰ্মটো নিজৰ আয়ৰ একাংশ দুখীয়াৰ বীবে সঞ্চয় কৰিবলৈ কোৱা হৈছে যাক জাকাত বোলা হয় |

 আগলৈ

✍️হেমেন হাজৰিকা
 মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)