নীলা খামৰ চিঠিখন- হাইছ উদ্দিন আহমেদ

©Admin
0

              
প্ৰতি 
মোৰ মৰমৰ মৰমী 
পোনপ্ৰথমে মোৰ মৰম লবা
আশা কৰোঁ তুমি এতিয়াও আগৰ দৰেই ভালেই আছা
তোমাৰ ঘৰৰ সকলোৰে ভাল 
মোৰ চিন্তা নকৰিবা, মই ভালেই আগৰ দৰেই আছোঁ
মাথোঁ কিবা কমিছে ,কমিছে লাগে
মই তোমাক লৈ দুবছৰ আগতে লিখিছিলোঁ প্ৰেমৰ কবিতা
মই জানো তুমি কবিতা নপঢ়াকৈ নাথাকা
সেয়ে দুশৰীয়া কবিতা লিখি দিলোঁ
সময় পালে পঢ়িবা
---------------------------------------
মোৰ হৃদয়ত তোমাৰেই ছবি
প্ৰেমিক মই তোমাৰ ,ময়েই কবি
----------------------------------------
মাজে মাজে বহুত মনত পৰে
তোমাৰ লগত পাৰ্কত হাঁহি ফুৰ্তি
সকলোবোৰ স্মৃতি মোৰ মগজুত
পিছে তুমি মনত কৰা নে মোক
নে পাহৰি গৈছা
মই এটা কথা কবলৈ সদায়েই পাহৰো জানা
মই কোনো ধনী ঘৰৰ নহয়
মই সাধাৰণ কৃষকৰ সন্তান
এযোৰ ভাল চোলাও নাই 
তোমাক কি দিম
কি খোৱাম তাকেই ভাবি থাকোঁতে
মোৰ মূৰটো বেমাৰী হৈ পৰে
এতিয়া মই মাছ বেপাৰী
সকলোৱে জানে, তোমাৰ বাহিৰে
ক্ষমা কৰি দিবা বহুতো ভুল কৰিছোঁ
সকলো কথা আগতেই কৈ দিব লাগিছিল
আচলতে মই তোমাক প্ৰকৃত ভাল পাওঁ
মোৰ চিঠিখনৰ উত্তৰ দিবলৈ 
নাপাহৰিবা

ইতি:
তোমাৰ প্ৰেমিক চৰাই

✍️হাইছ উদ্দিন আহমেদ
নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)