ধৰ্ম আৰু ইয়াৰ প্ৰয়োজনীয়তা ০৪~প্ৰবন্ধ- হেমেন হাজৰিকা

©Admin
0
 ধৰ্মীয় জীৱন অধিক ফলপ্ৰসূ আৰু বাস্তৱায়িত হয় , যেতিয়া ই বিজ্ঞাননিষ্ঠ হয় | ধৰ্ম আৰু বিজ্ঞানে মানুহৰ দুটা দিশ নিৰ্দেশ কৰে | এজন মানুহ বিজ্ঞানী হয় তেওঁৰ মনৰ যুক্তি তৰ্কৰ দিশটোক সন্তুষ্ট কৰিবৰ বাবে আৰু আনহাতে এজন মানুহ ধাৰ্মীক হয় বিশ্বাসৰ দিশটোক সন্তুষ্ট কৰিবৰ বাবে | বিজ্ঞান জড়িত বৌদ্ধিক অভিজ্ঞতাৰ সৈতে আৰু ধৰ্ম জড়িত বিশ্বাসমূলৰ অভিজ্ঞতাৰ সৈতে | এই কথাখিনিতে এটা প্ৰশ্ন আহে | বিজ্ঞানে সম্পাদন কৰিব নোৱাৰা এনে কোনো কাম ধৰ্মই সম্পাদন কৰিব পাৰেনে ? বৰ্তমান যুগ বিজ্ঞানৰ যুগ | গতিকে এই সময়ছোৱাত বিজ্ঞানে ধৰ্মৰ স্থান ল'ব পাৰেনে ? বৰ্তমানে ধৰ্ম বেছি প্ৰয়োজন নে বিজ্ঞান বেছি প্ৰয়োজন ? বিজ্ঞান গাণিত্যিক সমীকৰণত বিশ্বাসী আনহাতে ধৰ্ম বিশ্বাসী ব্যক্তিগত সমীকৰণত | বিজ্ঞানক ইংৰাজীত Science বোলা হয় এই Science শব্দটো Scientia শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ'ল জ্ঞান | ধৰ্ম আৰু বিজ্ঞান উভয়ে মানৱ সংস্কৃতিৰ উপাদান | 
জ্যোতিৰ্বিদ্যাক যদি আমি বিজ্ঞান বোলোঁ, তেন্তে জ্যোতিষ বিদ্যাক ধৰ্ম বুলিব লাগিব | বৰ্তমান যুগত বিজ্ঞানে এক সুকীয়া স্থান দখল কৰিছে | মানুহবোৰে বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে স্থান দখল কৰিছে | মানুহবোৰে বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে খোজ মিলাই গৈ আছে | কিন্তু প্ৰকৃত মনৰ শান্তি বিজ্ঞানে দিব নোৱাৰে , কেৱল ধৰ্মইহে মানুহৰ মনত এক আধ্যাত্মিক শান্তিৰ যোগান ধৰিব পাৰে | 

আগলৈ  
     
✍️হেমেন হাজৰিকা
 মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)