ধৰ্ম আৰু ইয়াৰ প্ৰয়োজনীয়তা ০২~প্ৰবন্ধ-হেমেন হাজৰিকা

©Admin
0
শাস্ত্ৰৰ উত্তম ধৰ্মশাস্ত্ৰ শ্ৰীমদ্ ভাগৱত গীতাত শ্ৰীকৃষ্ণই নিস্কাম কৰ্মৰ কথা উল্লেখ কৰিছে | নিস্কাম কৰ্ম হ'ল ফলৰ আসক্তিবিহীন ভাৱে কৰা কাম | নিস্কামভাৱে কৰ্ম কৰিলে ব্যক্তিক সুখ-দুখৰ অনুভূতিয়ে প্ৰভাৱিত কৰিব নোৱাৰে | মানুহে কৰ্ম কৰিব লাগে | কৰ্ম নকৰাকৈ মানুহ থাকিব নোৱাৰে | আনকি নিজৰ জীৱন ধাৰণ কৰিবলৈও মানুহে কৰ্ম কৰিব লাগে | গীতাত উল্লেখিত এনেধৰণৰ বাণীবোৰে মানুহক এক আদৰ্শ পথৰ শিক্ষা দিয়াৰ লগতে মানুহ যে কেৱল কৰ্মৰ গৰাকী ফলদাতা একমাত্ৰ ঈশ্বৰ , ইয়াৰ জ্ঞানো দিয়ে | ভাৰতীয় ধৰ্ম শব্দটো সংস্কৃত শব্দ | এই শব্দটো সংস্কৃত ধাতু ধৃ'ৰ পৰা আহিছে বুলি পণ্ডিত সকলে কয় | ধৃ মানে ধাৰণ কৰা | যি ধাৰণ কৰি ৰাখে সিয়েই ধৰ্ম | ধৰ্মই মানুহক এক সহজ সৰল জীৱন যাপন কৰাৰ মাৰ্গ দেখুৱায় | 
বিশ্বাস হ'ল ধৰ্মৰ এটা উপাদান | এই বিশ্বাসৰ মাধ্যমেৰেই সন্দেহক দূৰীভূত কৰি মানুহে তৈয়াৰ কৰি লৈছে এখন ধৰ্মীয় জগত | মানুহৰ নিৰল , অকলশৰীয়া ক্ষণত বহুতো ভাৱ মনলৈ আহে আৰু যেতিয়া এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্নৰ সমাধান বাস্তৱ অভিজ্ঞতাত বিছাৰি নাপায় তেতিয়াই মানুহে বিশ্বাসৰ আশ্ৰয় গ্ৰহণ কৰে | ধৰ্মীয় বিশ্বাসৰ মাজেৰে এই সন্দেহক নেহোৱা কৰিব বিচাৰে | ধৰ্ম জীৱনক সৌষ্ঠৱশালী কৰাৰ এক উপাদান | বন্য প্ৰাণীৰ দৰে চিকাৰ কৰি ফুৰোঁতে মানুহৰ মনত ধৰ্মৰ ধাৰণাৰ উতপত্তি হোৱা নাছিল , সময়ৰ পৰ্যায়ক্ৰমে মানুহে নিজকে প্ৰশ্ন কৰিবলৈ ধৰিলে --- তেওঁলোক কোন ? তেওঁলোক ক'ৰ পৰা আহিছে ? আৰু ক'লৈ যাৱগৈ ? এই জীৱনৰ অন্তিম ক'ত ? মৃত্যুৰ পিছত তেওঁলোকৰ কি হ'ব অথবা পূৰ্বতে কি আছিল ? জীৱনৰ অৰ্থ কি ? এই জগতৰ মূল ক'ত ? ইত্যাদি প্ৰশ্নবোৰ মানুহৰ মনত এতিয়াও আছে আৰু এইবোৰৰ সমাধান কল্পেই মানৱ জীৱনলৈ আহি পৰিছে দৰ্শন , ধৰ্ম , বিজ্ঞান , কলা , সাহিত্য ইত্যাদি | ধৰ্ম মানুহৰ জীৱন ধাৰণৰ লগত জড়িত| 
 আগলৈ---

✍️হেমেন হাজৰিকা
 মিৰ্জা |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)