বাঁহতলৰ যখিনী -০২~ গল্প- পূৰ্ণিমা হালৈ

©Admin
0
ভিতৰলৈ আহি সি চাং খনতে বাগৰি দিলে।গৰম উঠিছে নে তাৰ ঠাণ্ডা লাগিছে সি একো ধৰিব পৰা নাই। তাৰ মনটো অস্থিৰ হৈ গৈছে। চাং খনতে পৰি সি চটফটাই ফুৰিছে। 
- কি হৈছে মোৰ? সঁচাকৈ ভূত- প্ৰেত বোলা কিবা বস্তু আছে নেকি? পঢ়ি শুনি যদি মই ভূত বিশ্বাস কৰোঁ তেন্তে ইমান খিনি পঢ়া অথলে যাব মোৰ। তেতিয়া হলে আজি আহোঁতে মোৰ লগত যি ঘটিছিল সেইয়া কি আছিল। আগতেটো কোনোদিনে এনেকুৱা অনুভৱ কৰা নাছিলোঁ মই। সৌ সিদিনা আমাৰ গাঁৱৰে বদন কাইটিক সেই বা‌ঁহনি ভৰাৰ পাছফালে উভুতাকৈ পুতি থোৱা পাইছিল গাঁৱৰ ৰাইজে। শুনা মতে সেইদিনা তেওঁ কামৰ পৰা আহোঁতে দেৰি হৈছিল।কিন্তু ঘৰ আহি নাপালেহি। নৱবিবহিতা বদন কাইটি ইমান সোনকালে যে আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব এতিয়াও বিশ্বাস কৰিব পৰা নাই।ইমান ভদ্ৰ আৰু অমায়িক মানুহজনৰ জনৰ কোনোবা শত্ৰু থাকিব পাৰে জানো।গাঁৱৰ সকলোৰে লগত তেওঁৰ মিতিৰালি আছিল। সকলো বোৰ ঘটনা কিয় সেই বাঁহনি ডৰাৰ ওচৰতে ঘটে? আন্ধাৰ ৰাতি কেতিয়াবা গৈ থকাৰ মাজতে মুখৰ আগতে ধুপুচ কৈ পৈণত বাঁহ এটা সৰি পৰে। আকৌ কেতিয়াবা কোনো ধৰণৰ বতাহ নোহোৱাকৈ বাঁহনি ডৰাৰ এচোকত বাঁহ গছ বোৰ বতাহৰ শব্দ কৰি লৰি থাকে।সেইবোৰ কি তেতিয়া? মোৰ ককা দেউতাৰ মুখটো সেই ঠাই খিনিৰ কথা শুনিছোঁ। সঁচাকৈ তাত অশৰীৰি কিবা আছে নেকি?

কথাবোৰ ভাবি ভাবি সি অলপ কঁপিবলৈ ধৰিছে। লাহেকৈ সি টোপনি যাবলৈ চেষ্টা কৰিছে। সি টোপনি যাবলৈ লওঁতেই ক'ৰবাৰ পৰা কোনোবা মাইকী মানুহৰ এটা বিকট চিঞৰ ফাটি আহি তাৰ কাণত পৰিলহি। সি উচপ খাই একেজাঁপে শোৱাৰ পৰা উঠি শব্দ টো ক'ৰ পৰা আহিল গম ল'লে। 

"__কোনোবাই মাইকী মানুহৰ চিঞৰ।ইমান ৰাতি কোনে এনেকৈ চিঞৰিব পাৰে? আগতে কোনো দিন এনেকুৱা শব্দ শুনা নাই।"

অলপ দেৰি ভাবি ভাবি সি আকৌ শুবলৈ ল'লে।এইবাৰ তাৰ চাং খনৰ ওচৰতে থকা বাহঁৰ খিৰিকী খনত কিবা দীঘল নখেৰে আচুৰি থকা নিচিনা শব্দ শুনিলে। তাৰ আগত কৈ এইবাৰ বেছি ভয় লাগিব ধৰিলে।জীৱনত প্ৰথম বাৰ আজি সি এনেকৈ ভয় খাইছে। প্ৰথমতে সি কিবা জীৱ -জন্তু হ'ব বুলি ভাবিছিল যদিও পাছত সি লক্ষ্য কৰিলে খিৰিকী খন বহুত ওপৰত আছে। কুকুৰ,মেকুৰী বা শিয়ালে সহজতে ঢুকি পাব নোৱাৰে। ইফালে নিশাও গভীৰ হৈ আহিছে। সি দুবাৰ মান কোনোবা আছে নেকি বুলি সুধিলে কিন্তু একো উত্তৰ নাপালে। সি মাত টো মতাৰ লগে লগে শব্দ টো ৰৈ যায়। মাকক মাতিবলৈ ও তাৰ মন যোৱা নাই। বাহিৰলৈ ওলাই গৈ চাবলৈ ও তাৰ সাহস হোৱা নাই। অলপ দেৰি পাছত শব্দ টো সাম কাটিলে। সিও নিতাল মাৰি শুৱলৈ ল'লে।আজি ৰাতিটোত তাৰ লগত কি হৈ আছে সি বুজিব পৰা নাই। কঠাখন গাতে লৈ সি মূৰ ঢাকি শুবলৈ ল'লে।তাৰ আজি অলপো টোপনি অহা নাই।ৰাতিটো সোনকালে পাৰ কৰাই দিবলৈ সি ভগৱানক খাটনি ধৰিছে। তেতিয়া সময় প্ৰায় ১২/১ টা বাজিছে। প্ৰশান্ত সাৰে আছে। এইবাৰ তাৰ কাণত ঝুনুক ঝুনুক শব্দ এটা আহি পৰিল। শব্দটো তাৰ একেবাৰে ওচৰতে বজা যেন লাগিল। এনেকুৱা লাগিছিল তাৰ কোঠাটোত কোনোবা নৰ্তকীয়ে যেন নাচি আছে। সি ভয়ে ভয়ে কঠাখনৰ তলৰ পৰা মূৰটো উলিয়াই দেখে যে ক'লা দীঘল চুলিৰে বগা সাজ পিন্ধা এগৰাকী তিৰোতা তাৰ ওচৰতে বহি আছে।মানুহজনীৰ মুখমণ্ডল আধা পুৰা।মানুহ জনীক দেখাৰ লগে লগে সি চাঙৰ ওপৰতে শুই থকাৰ ভাগে মূৰ্চা গুছি গল।

আগলৈ......

✍️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)