অনুপম এই জীৱন~অনুভৱ- বিজয়‌ লক্ষ্মী বৰা

©Admin
0
     
কিমান বেইমান এই পৃথিৱী, কিমান বেইমান আমি মানুহবোৰ!বৰষুণৰ দিনত ৰৌদ্ৰ কামনা, ৰ'দৰ বতৰত ৰ'দালিক ককৰ্থনা, বিপদত কাৰোবাৰ ভৰি চেলেকা, সম্পদৰ সময়ত সেই ভৰিতেই কুঠাৰাঘাত কৰা, তেওঁকেই অচিনাকিৰ দৰে ব্যৱহাৰ কৰা
। কিমান স্বাৰ্থপৰ হ'লে মানুহে পাহৰিব পাৰে নিজস্বতা, কিমান নিকৃষ্ট হ'লে পাহৰিব পাৰে মানৱতা, অভাৱৰ দিনত কত হুমুনিয়াহ,বৈভবৰ দিনত আপোনক নিচিনা। চন্দ্ৰমাৰ উজ্জ্বলতাক প্ৰশংসা কৰাতকৈ তাৰ বুকুৰ কলংকক ইতিকিং কৰা, ৰ'দত বৰ বৰ গছৰ ছাঁত আশ্ৰয় লোৱা আৰু অট্টালিকা বনাবলৈ সেই গছতে কুঠাৰ মৰা,নিজৰ সম্পৰ্কক মৰ্যাদা আৰু মৰম নিদিয়া আৰু লোকৰ সুখৰ সংসাৰক ঈৰ্ষা কৰা। আচৰিত সঁচাকৈ আমিবোৰ, আবেগ, বিবেক আছে বাবেই আমি বোলে জীৱ শ্ৰেষ্ঠ, অথচ আমি কিমান নিকৃষ্ট! পদপথত শুই থকা পাগলীজনীও সাৰি নাযায় মুখা পিন্ধা ভদ্ৰ মানবৰ কামনাৰ পৰা,সন্ধিয়া নামিলেই পাগলীও ধৰ্ষিতা হয়,কোনো তথাকথিত ভদ্ৰ লোকৰ অবৈধ বীৰ্য পাগলীৰ গৰ্ভত পালিত হয়,কামনা চৰিতাৰ্থৰ পাছত গৰ্ভতে নষ্ট কৰা হয় অযুত ভ্ৰূণ,অবৈধ মাতৃত্বৰ অপযশৰ ভয়ত মাতৃয়ে ডাষ্টবিনত দলিয়াই পেলায় নিজৰেই সদ্যোজাত সন্তানক, অথচ পুৰুষজনৰ কোনো বদনাম নহয়, সেই পুৰুষৰ বাবে সমাজে পাৰি দিয়ে বৰপীৰা।নাৰী চৰিত্ৰহীনা,কলংকিতা অথচ সেই নাৰীৰ সতীত্ব হৰণ কৰাজন বীৰ পুৰুষ! কোনো কৰ্কথনা,কোনো অপযশে চুব নোৱাৰে তেওঁক! যদি স্বামী বহুগামী হয়, সন্দেহৰ আঙুলি সদায় পত্নীৰ ওপৰতেই উঠে,কোনেও নোসোধে, আনৰ বুকুত নিজৰ স্বামীক এৰি দিব লগা পত্নীগৰাকীৰ দুখ কিমান,চকুৰ আগতেই হুৰহুৰাই খহি পৰা সপোনৰ ঘৰখন দেখি নাৰীয়ে কিমান কষ্ট পায়,তথাপিও আমি বুকু ফিন্দাই কওঁ আমি বোলে জীৱ শ্ৰেষ্ঠ মানুহ!স্বামীৰ মৃত্যুৰ লগে লগে স্ত্ৰীয়ে ত্যাগ কৰিব লগা হয় কামনা বাসনা অথচ সেইখন সমাজতেই স্ত্ৰীৰ শ্মশানৰ জুইকুৰা নুমাবলৈ নাপাওতেই হাজাৰটা অজুহাতত পুৰুষে পাতিব পাৰে বিয়া, বিজ্ঞানৰ সূত্ৰক বৃদ্ধাংগুষ্ঠ দেখুৱাই আজিও পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবে সমাজে নাৰীকেই দোষে,শাহুৱে বোৱাৰীক নিজৰ বুলি ভাবিব নোৱাৰে, পাহৰি যায় তেৱোঁ যে এদিন বোৱাৰী আছিল, ননদে বৌয়েকক আপোন বুলি ভাবিব নোৱাৰে, ভাবি নাচায় তেৱোঁ যে এদিন কাৰোবাৰ বৌয়েক হ'ব, কাৰোবাৰ ককায়েক তেওঁৰ স্বামী হ'ব, পিতৃ-মাতৃক বৃদ্ধাশ্রমত থবলৈ যোৱা কোনো সন্তানে ভাবি নাচায়, তেওঁৰো যে শেষ ঠিকনা বৃদ্ধাশ্রম হ'ব, কথাই প্ৰতি পত্নীৰ ওপৰত হাত উঠাই পুৰুষত্ব জাহিৰ কৰা স্বামীয়ে ভাবি নাচায়, তেওঁৰ সংসাৰ খন ধৰি ৰাখিবলৈ পত্নীয়ে কিমান ত্যাগ স্বীকাৰ কৰিব লগা হয়, কিমান দুখ, কষ্ট, অত্যাচাৰ সহিব লগা হয়, বংশৰ প্ৰদীপ জ্বলাই ৰাখিবলৈ নাৰীয়ে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰিব লগা হয়,সন্তান জন্ম দিবলৈ গৈ ১০০ ডাল হাড় ভঙাৰ সমান বিষ সহ্য কৰিব লগা হয়,অথবা সমানে দুফাল কৰিব লগা হয় পেট, কেতিয়া আমি প্ৰকৃত মানুহ হ'ম, কেতিয়া মানৱীয়তা উভতি আহিব আমাৰ মাজলৈ, এয়া এক উত্তৰহীন প্ৰশ্ন নহয়নে!

✍️বিজয় লক্ষ্মী বৰা 
দেৰগাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)