নকৰিবা আশা~লিমাৰিক- ব্ৰহ্মদেৱ গোস্বামী



শুনিছানে পোনাকণৰ বাপেক, 
পোনাকণকে মানুহ কৰাৰ চেষ্টা কৰা
নকৰিবা আৰু সন্তানৰ আশা;
বস্তুৰ যিহে জুই ছাই দাম
এটাকে খুৱাব পাৰিবানে নাই
তাৰো দেখোন নাই ভৰসা।

এতিয়া কমৰত জোৰ থকাৰ বাবেই
কৰিব পাৰিছা হাজিৰা,
কালিলৈ যদি বেমাৰত পৰা (ভগৱানে নকৰক)
কেনেকৈ কৰিবা ?
চৰকাৰৰ ঘৰৰ ফ্ৰী চাউল কেইটানো
কিহৰ লগত খাবা?
বস্তুৰ যিহে দাম
মাছ মাংসৰ কথা বাদেই,
কোমোৰাও বেচিছে কেজিয়ে প্ৰতি চল্লিশ টকা
যিটো কাহানিও নোহোৱা নোপজা কথা।

শুনিছা পোনাকণৰ বাপেক
বজাৰৰ সেই ঘোচখোৰ বেপাৰীবোৰক
নাকী লগাবলৈ প্ৰশাসনো অচল;
যাৰ যি ইচ্ছা সেইমতেই লয় দাম ;
আমাৰ দৰে দুখীয়া নিচলাই কেনেকৈ খাব
সেইবোৰ চিন্তা কৰা সিহঁতৰ দৰকাৰ নাই ৷
তুমি মই নিকিনিলে সিহঁতৰনো কিদাল হ'ব ?
কিনি খাবলৈ আছে নহয়
হাজাৰ হাজাৰ দৰমহা পোৱা চাকৰিয়াল;
আৰু আছে ক'লা টকাৰ পাহাৰ গঢ়া
ঘোচখোৰ দালাল।

সেয়েহে কৈছোঁ পোণাকনৰ বাপেক
দ্বিতীয়টো সন্তান বিচাৰি নবঢ়াবা জঞ্জাল ;
খুজি মাগি হ'লেও পঢ়াই শুনাই
এটাকে মানুহ হিচাপে গঢ় দিয়া ৷
মনত ৰাখিবা শিয়ালৰ জাক জাক হৈয়ো
একো লাভ নাই
সিংহৰ কিন্তু এটাই ভাল।

✍️ব্ৰহ্মদেৱ গোস্বামী 

Post a Comment

Previous Post Next Post