তুমি কেনে আছা
প্ৰিয়তমা
বহাগৰ ৰং তোমাৰ গাত লাগিছেনে
নে তুমি
সৰাপাতৰ লগতে আছা উমলি ।
আগৰ বসন্তৰ দৰে
তুমি এই বসন্তটো লগাইছানে
গুটি ফুলৰ গামোচাখনি
হেঁপাহেৰে বাট চাই আছোঁ
তুমি দিয়া সেই গুটি ফুলৰ গামোচাখনি
মূৰত লৈ মই
আহঁতৰ বাকৰিত তোমাৰ সৈতে
এপাক বিহু নাচিম।
ফাগুনৰ পছোৱা বতাহজাকে
আজি দিলেহি তোমাৰ বতৰা ।
তুমি বোলে পছোৱা বতাহজাকৰ আগত কৈছা
মোৰ কথা
পছোৱা বতাহজাকে মোক আজি
দিলেহি তোমাৰ হৃদয়ৰ বতৰা ....।
✒️ সঞ্জীত দাস
জিলা বৰপেটা ( পাটাছাৰকুছি)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ