প্ৰেম-চৈয়দ বিকি

©Admin
0
হয় মই প্ৰেম কৰিছো 
প্ৰেম কৰিছো মই
হয়তো ই একপক্ষীয় হব পাৰে
কিন্তু... মই প্ৰেম কৰিছো ।। 
তুমি..... তুমি কি বুজিবা 
একপক্ষীয় প্ৰেমৰ মাদকতা 
তুমিতো ধুলি উৰুৱাই যোৱা 
এজনী নিজান বাটৰ বাটৰুৱা ..... । 
ভাল পাইছিলো তোমাক  
ভাল পাও আৰু হয়তো....! 
পায় থাকিম কাৰণ তুমি মোৰ
জীৱনৰ প্ৰথম প্ৰেম......  
যদি আকৌ কেতিয়াবা কাৰোবাৰ 
প্ৰেমত পৰো ন তেতিয়া
তাইৰ মাজতো তোমাকে বিছাৰিম ..... 
এতিয়াও তোমাৰ বাবে whtsap status ত
Only share with option তো reserve 
মোৰ অন্তৰত তুমি নামৰ যিটো খাচ বহুৱাই দিলা 
সেইটো মচিবলৈ হয়তো 
মোৰ গোটেই জীৱন যাব ..... 

 তুমি মাথো সুখী হৈ থাকা.....

✍️চৈয়দ বিকি 
ৰঙিয়া, কামৰূপ (গ্ৰাম্য)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)