নদী আৰু নাৰী-মীনা পামে গাম

Rinku Rajowar
0
শিৰৰ সেন্দুৰৰ 
সন্মান জনাই
গছকিলা 'ন' ঘৰ ।

জেতুকাৰ বােল
হাতৰ পৰা
নাযাওঁতেই
গিলি ল'লা
অসহ্য যন্ত্ৰনা,
তিতা কেহাঁ মাত,
চৌকাৰ ধোঁৱাৰ
চকুপানী, 
আৰু শাহুৰ 
কেপকেপনিত
নীৰৱে বয়
চকুলোৰ নদী ।

"তুমি নাৰী" 
হোৱাৰ বাবেই
হৃদয় নদীত
নদীৰ দৰেই
জীৱনৰ জটিল
কথাবোৰ
হজম কৰিলা !!

নিজৰ বাবে
আছেনে বাৰু
তোমাৰ সময় ??
নাই ।
সময়বােৰ
কাঢ়ি লৈ গ'ল 
তোমাৰ পৰা ॥॥

সুধিছেনে কোনোবাই
তোমাৰ দুখ -ভাগৰ আছেনে ???
নাই ।
তোমাৰ সুখেই সুখ!
সিহঁতে জানে
তোমাৰ সুখেই সুখ !!

পিতাইৰ হাতৰ ধন ভাঙি
বিয়া দিছিল
আন এঘৰলৈ,
সুখৰ ভাত
কোনোদিন নহ'ল
যেন "নৌকৰাণীহে" !!!!

স্বামীৰ  দমদিয়া
বাক্যবাণত,
তুমি বাধ্য হ'লা
দুচকীয়া দামী বাহন
ক্ৰয় কৰিবলৈ -- !
সমাজৰ ভয়ত, লাজত
বিনাদ্বিধাই সম্পত্তি বেছি
"দানবীৰ কৰ্ণ" হ'ব লগা হ'লগৈ
পিতা !!

নাৰীসকল (!)
আৰু কিমান নাৰী হ'বা ?
নাৰীসকল (!)
আৰু কিমান নদী হ'বা ??

নদীৰ গৰ্ভৰ দৰেই
নাৰীৰ গৰ্ভত 
কিমান যাতনা
ভৰি থাকে  ???

নিজ বিবেকক বিক্ৰী
কৰি
আৰু কিমান পৰম্পৰা
ধৰি ৰাখিবা ????

কেৰাচিনেৰে জ্বলোৱা দেহাৰে
কিমান সংসাৰ চলাবা,
নেলাগে মৃত্যু বিচাৰিব
সংস্কাৰ মুক্ত কৰিব লাগিব ॥॥

নাৰীও মানুহ
পুৰুষো মানুহ
মানুহক মানুহৰ 
দৰেই ভাৱা ॥॥

"নৱ প্ৰজন্ম",
উজ্বল দীপ্ত
অক্ষিৰে নিৰীক্ষণ কৰা,
মানুহক মানুহ বুলি
গণ্য কৰিবলৈ ॥॥

নাৰীক, নদী হ'বলৈ
নিদিবা । 
নাৰী বিহীন জীৱন বৃথা
নাৰীক মানুহৰ দৰে লোৱা ॥॥

হে সমাজ,
নাৰীক মানুহ বুলি ভাৱা
নাৰীৰ যাতনা হৃদয়ঙ্গম কৰা ।

হে সমাজ,
আমাক সংস্কাৰ লাগে ।
নাৰীক, নদী হ'বলৈ 
আৰু নিদিবা ॥॥ ॥॥

📝মীনা পামে গাম,
চিপাঝাৰ, দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)