প্ৰকাশে পত্নীৰ সুখৰ বাবেই গাঁৱৰ ঘৰলৈ গৈ চুবুৰীয়া দুখীয়া ঘৰৰ ছোৱালী ৰশ্মিক লৈ আহিছিল।লাহে লাহে ৰশ্মি য়ে ঘৰৰ সকলো দায়িত্ব লব পৰা হ'লগৈ।
সন্তান কেইটাকো লগ দিব পৰা হ'ল।এনেদৰে দিন বাগৰি গ'ল।ৰশ্মি একলা দুকলাকৈ বাঢ়ি আহিল।অমানিশাই লাহে লাহে ৰশ্মিৰ কথা কৈ কৈ প্ৰকাশৰ কাণ ঘোলা কৰিবলৈ ধৰিলে।অনবৰতে দোষকে দেখে। দুখীয়া অভাৱত থকা ছোৱালী জনীয়ে কাম কৰি কৰি ভাগৰি পৰে।ভোকত তাই পেট ভৰাই খাবলৈ পাই ৰশ্মিজনী জোনবাইৰ দৰে উজ্বলি উঠিল।অমানিশাই কিছু সকাহ পালেও অনবৰতে তাইক ভাল ব্যৱহাৰ নিদিয়ে।অমানিশাৰ সুখৰ বাবেই স্বামীয়ে আনিছিল। এদিন প্ৰকাশে ৰশ্মিৰ দুখ সহিব নোৱাৰি তাইৰ হাতত কিছু পইচা গুজি দি ক'লে-ব'ল তোক ঘৰত থৈ আহোঁগৈ।যদি আমাত কৈ ভাল মানুহ পাৱ ভাত মুঠি মোকলাই ল'বি।গাঁৱৰ ঘৰতে তই শান্তিত থাকগৈ।কাৰণ মোক সুখ লাগে।ইয়াত তোৰো ভাল আমাৰো ভাল।
🖊️কানন বৰুৱা
ডিব্ৰুগড় (চিৰিং চাপৰি)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ