হিতাধিকাৰী-ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

©Admin
0
আপোনালোকে দলিয়াই দিয়া
টোপ্ গিলি গিলি আমিবোৰ এতিয়া নোদোকা প্ৰাণী,
অভাৱবোৰ কেইদিনমানৰ বাবে
এতিয়া আমাৰ অচিনাকী ৷
আপোনালোকৰ ঘোষণাবোৰক লৈ
ব্যস্ত আমিবোৰ ,
এই যেন ঘোষণা হ’ব ঈশ্বৰৰ বাণী
এই যেন আমিবোৰ হৈ যাম আজীৱন নিৰাপদ....৷
পথাৰ, বজাৰ আমাক নালাগে,
প্ৰাপ্যৰ বাবে গণতান্ত্ৰিক আন্দোলন আমাক নালাগে,
আমি হিতাধিকাৰী
আমাক ঘোষণা দিয়ক,
বিনিময়ত আমি উজাৰি দিম সৰ্বস্ব ৷
বিবেক লাগিব
দি দিম,
পথাৰ লাগে
বিকি দিম,
মাটি ভেটি কি লাগে ক’ব
আপোনালোকৰ ওচৰত বন্ধকত থৈ দিম ৷
আই পিতাইয়ে চকুলো টুকিলে
বুজাই দিম হিতাধিকাৰীৰ চৰিত্ৰ,
জাতীয়তাবোধৰ পোছাক খুলি 
তেওঁলোক হ'ব নোৱাৰিলে হিতাধিকাৰী ৷
চিন্তা নকৰিব 
আপোনালোকৰ ভৰি চেলেকি
আমি হিতাধিকাৰী হ’ব পাৰিম,
জাতীয়তাবাদীক আমি বৰ্জন কৰিম
প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকক ৷
হিতাধিকাৰীৰ দুনীয়াত আমিবোৰ নতুন
কি কি গুণ আয়ত্ব কৰিব লাগে জনাই দিব,
আমিবোৰ সদাপ্ৰস্তুত হৈ থাকিম ৷
আঁচনিবোৰ শেষ হ’লে
পকেট উদং হ’লে
আমিবোৰে আপোনালোকৰ নতুন ঘোষণালৈ
মুখ মেলি ৰৈ থাকিম ৷
তথাপিও কথা দিছোঁ
হিতাধিকাৰীৰ মকৰাজালৰ পৰা ওলাবলৈ
ইতিহাস নপঢ়োঁ
কাম নকৰোঁ
বিবেকৰ কথা নুশুনো ...

✍️ ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
 নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)