নৱজীৱন~অণুগল্প-ৰিতুল মণি দাস

©Admin
0
'বৈভৱী' ক মানুহ বোৰে পাগলী বুলি ক'বলৈ অকণো কুণ্ঠাবোধ নকৰে। হয়, তাই অলপ মানসিকভাৱে দুৰ্বল, তথাপিও? বহু চেষ্টা কৰিও গাঁওখনৰ মানুহবোৰে তাইৰ আচল পৰিচয় উলিয়াব পৰা নাই। এনেদৰে বহুদিন গ'ল, তাই এতিয়া পদপথৰ জিৰণি ঘৰ এটাৰ আলহী। এনেকৈ দিনবোৰ পাৰ হৈ গ'ল।পুহ মাহৰ দেওবাৰ এটাৰ কথা, বৈভৱীয়ে ৰাস্তাৰ কাষৰ জিৰণি ঘৰটোতে,চিঞৰ বাখৰ আৰম্ভ কৰিছে । ওচৰৰ মানুহবোৰে তাইক দেখি আচৰিত হ'ল, তাই যে অন্তঃসত্বা। মানুহবোৰে তাইক চিকিৎসালৈ লৈ গ'ল, চিকিৎসালয়ত তাইৰ এটি পিতৃ পৰিচয়বিহীন পুত্ৰ সন্তানৰ জন্ম দিলে। সকলো মানুহ অবাক। লগে লগে তাইৰ দায়িত্ব গাঁৱৰ মানুহবোৰে ল'লে। তাইক মানসিক চিকিৎসালয়লৈ পঠিওৱা হ'ল। ছমাহ মানৰ পিছত তাই ভগৱানৰ আর্শীবাদত সম্পূৰ্ণভাৱে ঠিক হ'ল। ঠিক হৈয়েই তাই নিজৰ পূৰ্বৰ পাৰদৰ্শিতাৰ ফলত তাইৰ ওপৰত কৰা ঘৃণনীয় অপকৰ্মৰ ব্যক্তি জনৰ ছবি অংকন কৰি প্ৰশাসনক দিলে। অৱশেষত আইনৰ আদালতত দোষী জন সম্ভ্রান্ত ঘৰৰ কাপুৰুষ হিচাপে চিনাক্ত হ'ল। 'বৈভৱী'য়েও চাৰিবছৰৰ পাছত তাইৰ হেৰোৱা ঘৰ খন বিচাৰি পালে। আজি তাই নিজৰ কণমানি ল'ৰাটোক লৈ সুখী । অতীতৰ জীৱনক তাই পাহৰি পেলালে, আৰম্ভ কৰিলে এক নতুন জীৱন । জীৱনটো গঢ় দিয়াৰ "নৱজীৱন"।

✍️ৰিতুল মণি দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)