এটা ভয়ংকৰ শব্দ~প্ৰবন্ধ- জুলহাছ আলী আহমেদ

©Admin
0
হয়, ধৰ্ষণ শব্দটো হৈছে এটা ভয়ংকৰ শব্দ। এই শব্দটো শুনিলেই হৃদয়ত প্ৰচণ্ড আঘাত অনুভৱ হয়। শ্বাস-প্ৰশ্বাস স্তব্ধ হৈ পৰে। মানসিক যন্ত্রণাই বিব্ৰত কৰি তুলে। হিতাহিত জ্ঞান হেৰুওৱাৰ উপক্ৰম হয়। তেনে অৱস্থাত এগৰাকী ধৰ্ষিতা ছোৱালীৰ ক্ষেত্ৰত কি পৰিস্থিতি উদ্ভৱ হ'ব পাৰে সেইটো সহজেই অনুমেয়। ধৰ্ষণ এনেকুৱা এটা মাৰাত্মক ব্যাধি যিয়ে নিমিষতে ধ্বংস কৰি দিব পাৰে এগৰাকী ছোৱালীৰ জীৱন। সম্প্ৰতি আমাৰ ভাৰতবৰ্ষত প্ৰতিদিনেই এনে ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত হৈয়েই আছে। সৌ সিদিনা উত্তৰ প্রদেশত মনিষা বাল্মিকী নামৰ এগৰাকী ১৯ বছৰীয়া ছোৱালী ৪ পাষণ্ডৰ কামনাৰ বলি হ'ল, যিটো আছিল ভাৰতবৰ্ষৰ বাবে অতিকৈ লজ্জ্বাজনক ঘটনা। কেৱল সেয়েই নহয়, কিছুদিন আগত প্রিয়ংকা ৰেড্ডি নামৰ আন এজনী ছোৱালীক ধর্ষণৰ কৱলত পেলাই জুইত পুৰি হত্যা কৰা হৈছে। যোৱাকালিও তেনেকুৱা এটা দূর্ভাগ্যজনক খৱৰ আহিল যে, বাংগালোৰত অসমৰ এগৰাকী মেধাবী ছাত্ৰীক তিনি পাষণ্ডই ধৰ্ষণ কৰি হত্যা কৰে৷ প্ৰাপ্ত খবৰ মতে বৰপেটা জিলাৰ হাউলীৰ যুৱতীগৰাকী BSC Nursing পঢ়িবলৈ বাংগালোৰৰ কৰ্নাটকত গৈছিল। যুৱতীগৰাকীৰ ভণ্ড প্ৰেমিক আনিচুৰ ৰহমান নামৰ নৰপিশাচ জনে উক্ত যুৱতীগৰাকীৰ নিজৰ কোঠালিতেই আৰু দুজন পাপীষ্ঠৰে সৈতে লগলাগি প্ৰথমে ধৰ্ষণ কৰে পিছত হত্যা কৰে৷ অসমৰ গোৱালপাৰা জিলাৰ আনিচুৰ ৰহমানে কৰ্ণাটকত D Pharm' ত অধ্যায়ন কৰি আছিল আৰু আন দুজন লগৰীয়াও D Pharm'ৰেই ছাত্ৰ বুলি ধাৰণা কৰা হৈছে। অৱশ্যে মুল অভিযুক্ত আনিচুৰ ৰহমানক ইতিমধ্যে কৰ্ণাটক পুলিচে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷ এতিয়া প্ৰশ্ন হয়ঃ এই ধৰণৰ ঘটনা আৰু কিমান দিনলৈ চলি থাকিব? বলাৎকাৰ নামৰ বুকু ভেদি যোৱা ভয়ংকৰ শব্দটো আৰু কিমান দিনলৈ শুনি থাকিব লাগিব? মানৱৰূপী দানৱসকলৰ পৰা কেতিয়া মুক্তি পাব আমাৰ ছোৱালীসকল? আজি এশ তেত্ৰিশ কৌটি সন্তানলৈ ধৰিত্ৰী আইৰ প্রশ্নঃ তোমালোকৰ কি হ'ল যে, চকুৰ আগত ধৰ্ষণ হোৱা দেখিও নেদেখাৰ ভাও জুৰি আছা? তোমালোক ধৰ্ষিতাৰ আৰ্তচিৎকাৰ নুশুনা নেকি? নুশুনা কিয় ভূক্তভোগীৰ হিয়া ভগা বিননি? কিয় ধৰ্ষণকাৰীসকলৰ বিৰুদ্ধে মাৰ বান্ধি থিয় নিদিয়া? কিয় চৰকাৰক বাধ্য কৰাব নোৱাৰা ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ আইন প্ৰণয়ন কৰিবলৈ? নে তোমাৰ মা-ভনী ধৰ্ষিতা হোৱালৈ বাট চাই আছা? সৰ্বনাশ হোৱাৰ আগতেই তুমি নিদ্ৰাৰ পৰা জাগ্ৰত হোৱা। পাপিষ্ঠসকলৰ বিৰুদ্ধে আৱাজ বোলন্দ কৰা। মোৰ যিসকল সন্তানে আইন বনাই তাক ৰূপায়ন বা প্রয়োগ নকৰে তেনে সন্তানক ধিক্কাৰ। দুখীয়া তথা ভূক্তভোগীৰ অভিশাপ নলবা, বৰ্বাদ হৈ যাবা। মাতৃ হৈ শাসনৰ গাদীত থকা মোৰ ভাগ্যবান সন্তানক কাবৌ কৰিছোঁ যে, মাতৃ জাতিক সুৰক্ষা দিয়া, তেওঁলোকক ৰক্ষা কৰা। ধৰ্ষণ আৰু হত্যাকাৰীক এনেকুৱা দৃষ্টান্তমূলক শাস্তিৰ বিধান গৃহীত কৰা যিটো চাই ধৰ্ষণকাৰীসকলে আৰু কেতিয়াও এনেকুৱা জঘন্য, নিন্দনীয়, ঘৃণনীয় আৰু অমানৱীয় পাপ কৰ্ম কৰিবলৈ দুঃসাহস নকৰে।

✍️জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)