স্মৃতিৰ মাথোঁ মৰীচিকা
নাই তাত আশাৰ নিজৰা,
নদীৰ সোঁতত পৰি
উটি ভাঁহি ফুৰিছো যে আজি
কাৰো এ নাই অকনো সঁহাৰি।
নিজানত বহি নিজ মনে
গাইছো আজি মই
তাহানিৰে স্মৃতিৰ বীণত
তোলা এটি গীত!
অতৃপ্ত প্ৰাণত মোৰ
নিৰলে ৰাগিনী তুলি
মাৰ গ'ল বীণাৰ কম্পন
হেৰুৱালো বহু সুখ
প্ৰেম মন্দাকিনী ধাৰা
আৰু হেৰুৱালো
তোমাৰ নামৰ সপোন!
তথাপি নিৰৱে লিখিম গীত......
তোমাকেই হৃদয়ত ৰাখি........
✍️পৰিষ্মিতা তালুকদাৰ
নলবাৰী, চামতা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ