প্ৰতি,
বাস্তৱলৈ
মৰমৰ বাস্তৱ প্ৰীতিভৰা স্নেহ গ্ৰহণ কৰিবা। তুমি ঠিকে আছানে ?শৈশৱৰ দিনবোৰলৈ মোৰ বাৰুকৈয়ে মনত পৰে ।পখিলা খেদাৰ দিনবোৰত পখিলাৰ পাছে পাছে দৌৰিছিলোঁঁ আৰু ভৱিষ্যতটো ভাল হওক বুলিয়েই পঢ়া শুনাও মনপুতি কৰিছিলোঁ।
ল'ৰালি কালৰে পৰা প্ৰথম হৈয়ে পাৰ কৰিছিলোঁ প্ৰথম শ্ৰেণীৰ পৰা মেট্ৰিকৰ ডেওনা। ভাবিছিলোঁঁ এদিন এগৰাকী নিষ্ঠাৱান চৰকাৰী চাকৰিয়াল হ'ম।কিন্তু ভাগ্যত যি লিখা আছে সেইয়াহে হ'ব।চৰকাৰী চাকৰি নেপালেও ডনবস্ক' আৰু কলেজিয়েট হাইস্কুল আৰু প্ৰাইভেট কেইবাখনো মহাবিদ্যালয়লৈ মোক মাতি নিছিল।ভালদৰেই শিক্ষাদান কৰিছিলো কাৰণেই পুৰস্কৃতও হৈছিলো।তেতিয়া তুমি ফোন কৰিলেও মোৰ ব্যস্ততাৰ কাৰণে লেন্ড লাইনত অহা ফোনটো ধৰিবহে পৰা নাছিলো।সোণ ৰূপেৰে গঢ়া মানুহৰ জীৱন তালিকা।জীৱনৰ প্ৰতিলিপি এতিয়া সলনি হৈছে। মই এতিয়া কামৰ মাজতে আপোনজনক বিচাৰি বহুতো সুখ দুখৰ কথা ক'ব বিচাৰিছো। তোমালৈও মনত পৰে বাৰে বাৰে।কিয় জানানে কথাতে কয় নহয় সুখৰ দিনত মনত নপৰিলেও দুখৰ দিনত মনত পৰে।
মই চাকৰি কৰি থাকোতেই অলপ ধন সাঁচিছিলো।পিপি এফৰ জৰিয়তে।
এই সাঁচতীয়া ধনখিনি তোমাৰ লগতে তোমাৰ দৰে যিসকল বন্ধু বান্ধৱী আছিল তেওঁ লোকলৈ দিম বুলি ঠিৰাং কৰিছিলো। শৈশৱত লগ পোৱা বন্ধু বান্ধৱীসকলৰ নাম সেয়েহে মনলৈ আনিছো আৰু কেইবাগৰাকী বন্ধু বান্ধৱীৰ তালিকা বিচাৰিছো।যিদৰে ভগৱন্তই তেওঁৰ বন্ধুজনক কোনোদিনে কোনোকালে এৰি দিয়া নাছিল।
বাস্তৱ , তুমি বৰ কঠিন ।তথাপি মোৰ কথাবোৰ গুৰুত্বসহকাৰে ল'বা বুলি আশা প্ৰকাশ কৰিলোঁ। জীৱনটো সচাকৈয়ে বৰ কঠিন।তাৰ মাজেৰেই পাৰ হ'ব লাগিব।জীৱনৰ দুটি পাৰ এটি ইপাৰ আৰু অন্য টি সিপাৰ।
মৰমেৰে তোমালৈ বাট চালো।
ইতি
হিৰণ্যময়ী বৰুৱা
✍️হিৰণ্যময়ী বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ