হেৰোৱা সুবাসৰ আমনি~অণুগল্প-অংশুমান ভূঞা

©Admin
0
     ৭ বছৰীয়া ল'ৰাটোৱে ভনীয়েকজনীক ভাত খোৱাই দি থকা দেখি এক তৃপ্তিত শ্ৰুতিৰ বুকু ভৰি গ'ল। নষ্টালজিয়াই হেঁচা মাৰি ধৰিলে। এখন পুৰণি অথচ ৰঙীন ছবিয়ে আহি দোলা দিবলৈ আৰম্ভ কৰিলে। অজানিতে ওলাই অহা চকুপানীয়ে গাল দুখন তিয়াই পেলালে।
     এদিন তায়ো আছিল ককায়েকৰ আলাসৰ লাড়ু। ককায়েকে পছন্দ নকৰা ল'ৰালৈ গুচি অহাৰ বাবেই আজি দুয়োৰে সম্পৰ্ক বিচ্ছেদ।

✍️অংশুমান ভূঞা
চামতা,নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)