মোৰো এটা সপোন আছিল~চুটিগল্প-ৰিতুপন গোস্বামী

©Admin
0
অ মা, মা.....
            আজি আমাৰ পৰীক্ষাৰ বহি দিলে।মই অসমীয়াত ৯০ পালোঁ মা।অংকত কিমান পালি? মই কলোঁ ,৬০ ।
           মোৰ নাম ৰিতুপন।মই বৰ্তমান দশম শ্ৰেণীৰ ছাত্ৰ।মোৰ জীৱনৰ লক্ষ্য এজন অসমীয়া শিক্ষক হোৱাৰ।মই মেট্ৰিক পাছ কৰি কলা শাখাত নামভৰ্তি কৰিম বুলি আশা পুহি থৈছোঁ।
         মোৰ দেউতা এজন আদৰ্শ শিক্ষক।তেওঁ বিজ্ঞান শাখাত পঢ়ি এতিয়া অংকৰ শিক্ষক । দেউতাৰ নাম নবীন।মোৰ মা এগৰাকী গৃহিণী।মাৰ নাম জোনালি। আমাৰ ঘৰৰ পৰিয়ালৰ সদস্য চাৰিজন।মা, দেউতা,দাদা আৰু মই।মোৰ দাদা এজন B.A কৰি থকা ছাত্ৰ। দাদায়ে কলা শাখাত পঢ়ি অসমীয়াত ডিগ্ৰী কৰি আছে আমাৰ জীৱন এনেদৰে সুন্দৰকৈ পৰিচালিত হৈ আছে..... ।
     মোৰ দেউতা শিক্ষক যদিও মই কোনো ব্যক্তিগত স্কুলত নামভৰ্তি কৰা নাই। আমাৰ গাঁৱৰ ওচৰতে থকা সোণাপুৰ হাই স্কুলত মই পঢ়ি আছোঁ। এইবাৰ মই মেট্ৰিক দিম।মোৰ result ক লৈ সকলোৱে আশা কৰিছে।ঘৰত মা- দেউতা, স্কুলত ছাৰ- বাইদেউ সকলে বহুত আশা কৰিছে ।
   ৮ বজাত স্কুললৈ যাওঁ,৩ বজাত ঘৰ পাওঁহি ।অলপ সময় জিৰাই লয় আকৌ টিউচনলৈ যাওঁ। এনেদৰে মোৰ জীৱনটো পাৰ হৈ গৈছে। সোমবাৰৰ পৰা শনিবাৰলৈ স্কুল যাওঁ আৰু টিউচনলৈ যাওঁ। দেওবাৰে গানৰ ক্লাছ, আৰ্ট ক্লাছ কৰোঁতে সময় যায়। লগৰ লগত খেলিবলৈ অকণো সময় নাপাওঁ।
    লগৰবোৰক দেখিলে মোৰ বহুত দুখ লাগে। সিহঁতে  নিজ ইচ্ছা মতে খেলিবলৈ যায়, য'ত মন যায় তাতে ফুৰিবলৈ যায়। লগৰবোৰে কয়, তোৰ অকণো মন নাযায় নেকি আমাৰ লগত খেলিবলৈ, ফুৰিবলৈ ? মই সিহঁতৰ প্ৰশ্নৰ উত্তৰত কওঁ এতিয়া পঢ়া সময়,খেলা - ধূলা কৰিলে পঢ়া বেয়া হ'ব। সিহঁতে মোৰ কথা গুৰুত্ব নিদিয়ে।মই যি কওঁ সকলো মিছা কওঁ সিহঁতক, কাৰণ মোৰ ঘৰৰ মানুহে নুবুজে যে, মোৰো এটা সপোন আছে!
  মোৰ মেট্ৰিক পৰীক্ষাৰ সময় আগুৱাই আহিছে।আৰু মাত্ৰ ৩০ দিন আছে। আগৰ দৰেই মোৰ জীৱনটো অতিবাহিত হৈ আছে। পঢ়া, স্কুল যোৱা,টিউচন  যোৱা, আৰ্ট ক্লাছ যোৱা, গানৰ ক্লাছলৈ যোৱা......  ।
    মই আগতেই উল্লেখ কৰি আহিছোঁ,মোৰ জীৱনৰ লক্ষ্য এজন অসমীয়া শিক্ষক হোৱাৰ।মোৰ ঘৰৰ মানুহে মোক এজন ডাক্তৰ হোৱাৰ কথা কৈছে। সেইবাবে পৰীক্ষাৰ বহুবোৰত অকল বিজ্ঞান, অংকৰ ওপৰত গুৰুত্ব দিয়ে।মোৰ পৰীক্ষাত অকল সমাজ বিজ্ঞান, অসমীয়া, ইংলিছ, হিন্দী এইকেইটা বিষয়ত লেটাৰ মাৰ্ক আহে আৰু অংক, বিজ্ঞানত ৬০ ওপৰত থাকে। সেইবাবে ঘৰত সদায় মোক গালি দিয়ে।
     সময় সমাগত। মেট্ৰিক পৰীক্ষা দিবলৈ গলোঁ। সকলোৰে আশা পূৰণ কৰিবলৈ। এনেদৰে মোৰ মেট্ৰিক পৰীক্ষা শেষ হ'ল।
ঘৰত সদায় মোক কয়, তই বিজ্ঞান শাখাত পঢ়িব লাগিব।
   মেট্ৰিক দি মই মামঁহতৰ  ঘৰলৈ গলোঁ। মামাঁহতৰ ঘৰত গৈ এটা কথা ভাবিলো মোৰ আৰু এটা বেলেগ জীৱন আছে। মামাঁহতৰ ঘৰত খেলিলোঁ, ফুৰিলোঁ। এনেদৰে কেতিয়া সময় পাৰ হয় গল গমকে নাপালোঁ।
   ঘৰলৈ গলোঁ। মেট্ৰিকৰ result দিলে।মই ৮০% পাই মেট্ৰিক পাছ কৰিলোঁ।কিন্তু মই অংক, বিজ্ঞানত লেটাৰ পোৱা নাই। তথাপিও মোক বিজ্ঞান শাখাত নামভৰ্তি কৰি দিলে মাৰ দেউতাৰ সপোন পূৰণ কৰিবলৈ। এনেদৰে কলেজীয়া জীৱন আৰম্ভ হ'ল।আগৰ দৰেই মোৰ জীৱন।মানে টিউচন, কলেজ........ । একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাছ কৰিলোঁ ৬০% লৈ । ঘৰত গালি দিলে কিন্তু মই নিৰূপায়।একোৱে নকলোঁ।HS পৰীক্ষাৰ ৰুটিন দিলে। পৰীক্ষা দিলোঁ। কিন্তু মনত এটা প্ৰশ্নই মোক হিয়ামুৰি কন্দুৱাইছিল।মই ভাবিছিলো HS পৰীক্ষাত ফেইল কৰিম নে পাছ কৰিম?
   result দিলে, মই মাত্ৰ ৪৫% পায় পাছ কৰিলোঁ।মই মানসিক, শাৰীৰিকভাৱে ভাঙি পঢ়িছিলোঁ আৰু ভাত - পানী খাবলৈ এৰি দিছিলোঁ। অৱশেষত এটা পথ বাচি লবলৈ মই বাধ্য হলোঁ। মৃত্যু! মই এদিন শুই থকা অৱস্থাতে এটা দৰৱৰ বটল খাই চিৰদিনলৈ বিদায় ললোঁ।আৰু এখন কাগজত লিখি থৈ গলোঁ- মোৰো এটা সপোন আছিল মা আৰু দেউতা.......। 
  ইতি তোমাৰ মৰমৰ বাবু।
       
✍ৰিতুপন গোস্বামী,  জয়পুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)