তুমি গুচি গ'লা~কবিতা-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
তুমি যি এবাৰ গ'লা
আৰু ঘূৰি নাহিলা,
গোটেইখন বিচাৰিও তোমাক
বিচাৰি নাপালোঁ কেতিয়াও।
চিঞৰি চিঞৰি তোমাক
মাতি মাতি বহুত কান্দিলো
কিন্তু.......... তুমি মোৰ
হিয়াৰ উচুপনি নুশুনিলা।
এনেদৰেই কটাই দিলো
বহু বছৰ,উজাগৰী নিশা
দুখৰ ক্ষণবোৰ যেন
নাযায় নুপুৱাই
তুমি নথকাৰ বাবে।
হঠাৎ এদিন গম পালো
মোৰ হিয়াৰ উচুপনি
শুনিবলৈ তুমি আৰু নাই।।

✍দিপশিখা ৰাজকোঁৱৰ,
একাদশ শ্ৰেণী,

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)