মাতৃস্নেহ~অণুগল্প-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
বাপেকে আনি দিয়া মধুৰীআম দুটা জাহ্নৱীয়ে ততালিকে  ঠালখনত উলিয়াই ল'লে ৷ ঠিক তেনেকুৱাতে মাকো পাকঘৰলৈ সোমাই আহিল ৷ জাহ্নৱীয়ে জানে যে মাকৰো মধুৰীআম অতিকে প্ৰিয় ফল ৷ মধুৰীআম দুটা  দেখি  মাকে তাইক থালখনৰ পৰা এটা দিবলৈ ক'লে ৷ তাই প্ৰথমে এটা মধুৰীআমৰ এটুকুৰা কামোৰ মাৰি  খাই চালে ৷ তাৰপাছত আনটো মধুৰিআমৰ পৰাও এটুকুৰা কামুৰি খাই চালে ৷ মাকে পুনৰ তাইক মধুৰিআম এটা দিবলৈ ক'লে ৷ কিন্ত তাই আনটো মধুৰীআম খুব তৃপ্তিৰে খোৱাতহে লাগিল ৷ জাহ্নৱীৰ আপোনপতীয়া  আচৰণত পেটে পেটে মাক  ক্ষুদ্ধ হৈ পৰিছিল । পাছে মাকে কিবা  কোৱাৰ আগতেই   জাহ্নৱীয়ে মাকৰ মুখলৈ চাই ক'লে- "মা, সদায়েই কৈ থাকা মিঠা মধুৰীআম  বহুত দিন হ'ল খোৱাই নাই বুলি ৷ এইয়া সবতকৈ মিঠা মধুৰীআমটো তুমি খোৱা" বুলি আনখন হাতৰ মধুৰীআমটো মাকৰ ফালে আগবঢ়াই দিলে ৷
জাহ্নৱীৰ আদৰত মাকৰ মনৰ ভিতৰৰ খংখিনি দুটোপাল লোতক হৈ বাগৰি পৰিল।

✍ চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)