আমি অসমবাসী~কবিতা-ৰবি শংকৰ গগৈ

©Admin
0

 হে মহান ধৰণী জন্মভূমি 
         তোমাৰ শক্তিপুত্ৰ আমি অসমবাসী । 
তোমাৰ কাৰণে হয়তো আজি
          ক'ত লোকৰ  হৈছে জনম ।
আৰু ক'ত লোকে মৃত্যুক লৈছে আকোঁৱালি।
         তোমাৰ বুকুত জন্ম লোৱা আমি সাহসী পুৰুষ,
আগুৱাই যাওঁ, কেৱল আগুৱাই যাওঁ ।
           বাপু গান্ধীজীৰ দৰে সঁচা প্ৰতীক আগত লৈ 
প্ৰকৃত অসমীয়া লোকৰ পথ অনুকৰণ কৰিম ।
            নিজ হাতে সজাই তুলিম আমি  অসম
হিংসা,গৰ্ব,ভেদাভেদ ত্যাগ কৰিম 
             অসমৰ গৌৰৱ আমি জাতি, ধৰ্ম, ভাষা,বৰ্ণ জনমভূমিৰ একতাৰ এডাল এনাজৰী ।

   ✍ৰবি শংকৰ গগৈ,শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)