এটা সময় আছিল
বতাহৰ নাচোনত পঢ়িছিলোঁ
" জীৱন" নামৰ এটি কবিতা,
বোকা মাটিৰে ঘৰ সাজিছিলোঁ,
সপোনবোৰক ৰ'দত ওমলিব দিছিলোঁ,
যাযাবৰী দুঃখবোৰ সামৰি
সপোনবোৰ দিঠক কৰাৰ চেষ্টা কৰিছিলোঁ।
দুচকুত সপোন লৈ সেউজীয়া ধাননিত
লিহিৰি আঙুলিৰে হাত বুলাই চাইছিলোঁ।
সূৰ্যোদয় আৰু সূৰ্য্যাস্তৰ হিচাপ লৈ
" জীৱন" নামৰ কবিতাৰ ফুল ও ফুলিছিল;
সময়ে সৰুৱাই নিয়া ফুলপাহ
কোনোবা সময়ত বঠাবিহীন
নাওখনতেই ভৰি দিলে;
সৰি পৰা ফুলপাহো
নৈত ককবকাবলৈ ধৰিলে
অৱশেষত নভবাকৈয়ে
ফুল সদৃশ জীৱনটোও যে
পথভ্ৰষ্ট বাটৰুৱা হৈ ভাগৰি পৰিল।
✍কংকনা ডেকা, তৃতীয় ষাম্নাসিক
কামৰূপ মহাবিদ্যালয়,
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ