জীৱন যুদ্ধ-গল্প~মানস প্ৰতীম মালী

Rinku Rajowar
0
✍️ মানস প্ৰতীম মালী

মানসৰ ঘৰ গাৱত । দেউতাকে খেতি কৰে । মানসে কলেজত পঢ়ি আছে ।মানসৰ এজন সৰু ভায়েক ও আছে । নাম ৰমেন । মাক ,দেউতাক ,সৰু ভায়েক আৰু মানসে সুখীৰে জীৱন কটাই আছিল । হঠাৎ মানসহতৰ জীৱনলৈ কাল ধুমুহা নামি আহিল । মানসৰ দেউতাক ঢুকালে । দেউতাকৰ মৃত্যুৰ পাছত পঢ়া পাতি আধাতে সামৰি ঘৰখনৰ সকলো দায়িত্ব ডাঙৰ লৰা হিচাপে মানসে মূৰ পাতি ললে । যিহেতু সিহঁতৰ ঘৰখনৰ মূল উপাৰ্জনৰ পথ খেতি আছিল সেয়ে মানসে খেতি পথাৰত যাব আৰম্ভ কৰিলে । প্ৰথমতে কেইদিনমান যথেষ্ঠ কষ্ট হৈছিল যদিও ঘৰখনৰ বাবে সেইখিনি কৰাটো নিজৰ দায়িত্ব বুলি ভাবি মানসে পিছুৱাই নাহিল । মানসে উপাৰ্জন কৰি ঘৰখন ও চলাই লগতে ভায়েকক ও পঢ়াই । খাবলৈ ভাত নাথাকিলেও 
মানসে  ভায়েকক  পঢ়াত অকনো বাধা দিয়া নাছিল কাৰণ সিহতক পঢ়া শুনা কৰি ভাল মানুহ কৰিবলৈ দেউতাকৰ বহুত ইচ্ছা আছিল । মানস সৰুৰে পৰাই কামত আগ্ৰহী আছিল আৰু সেয়ে তাক গাঁৱৰ সকলোৱে ভাল পাইছিল । এনেকৈ দিনবোৰ গৈ আছে । ৰমেন এ মেট্ৰিক , হাইচেকেণ্ডাৰী পাচ কৰি এটা ভাল চাকৰি পাই চহৰত স্বায়ী ভাবে থাকিব ললে । টকা হাতত অহাই ৰমেন অলপ অহংকাৰী হৈ দুখীয়া মাক আৰু দাদাকৰ খবৰ নোলোৱা হ'ল । ৰমেনে ঘৰত পইচা নিদিয়ে আৰু মানসে ও নোখোজে । হঠাৎ  এদিন গাঁৱৰ এজন মানুহ আহি মানসহঁতৰ ঘৰত আহিলে , আৰু কলে - মানস! তোমাৰ দেউতাই খেতিৰ নামত মোৰ পৰা  এক লাখ টকা ধাৰ লৈছিল। আৰু এতিয়া মোক টকাৰ অতি আৱশ্যক ।গতিকে তুমি সাত দিনৰ ভিতৰতেই মোক টকাখিনি ঘূৰাই দিয়া । আৰু মানসে মাকক ৰমেনৰ ঘৰলৈ যাও বুলি কৈ  চহৰলে গল । চহৰলৈ গৈ  ৰমেনক মানসে সকলো কথা কলে । কিন্তু ৰমেনে ইমান পইচা মোৰ হাতত নাই বুলি কলে । মানস তাৰপৰা ঘূৰি আহি  চহৰতে ৰুম ভাড়া লৈ থাকিলে । মানসে জানিছিল যে ৰমেনে ,  মানস আৰু মাকক এতিয়া ভাল নাপায় । তেতিয়া মানসে ভাবিলে - মই এই জীৱনৰ যুদ্ধ খনত বৰ বেয়াকৈ হাৰিব ওলাইছো । নাই নাই মই এই। জীৱন যুদ্ধ খনত জিকিবই লাগিব । আৰু দহদিনমান পাছত মানসে এক লাখ টকা লৈ গাৱলৈ উভতি আহিল। টকা খিনি মানুহজনক দিলে।কেইদিনমান পাছত মানসে খবৰ পালে যে ৰমেনৰ কিবা বেমাৰ হৈছে , মানসে মাকক নোকোৱাকৈ ততাতৈয়াকৈ চহৰলৈ গল ।  মানসে হস্পিতালত গৈ ডক্টৰৰ মুখৰ পৰা গম পালে যে ৰমেনৰ দুয়োটা কিডনী বেয়া হৈছে । মানসে বহু সময় চিন্তা কৰি ৰমেনক কিডনী দিব ৰাজি হল । অপাৰেচন হৈ গল । ৰমেনে ডক্টৰক কোনে কিডনী দিলে বুলি সুধাত ডক্টৰে মানসে দিয়া বুলি কলে । তেতিয়া ৰমেনে তাৰ ভুলবোৰ বুজি ডক্টৰক আকৌ শুধিলে -- দাদা! এটিয়া কেনে আছে? তেতিয়া ডক্টৰে কলে--তোমাৰ দাদা এতিয়ালে ঠিকেই আছে কিন্তু আৰু বেছি সময় জীয়াই নাথাকিব। ৰমেনে শুধিলে কিন্তু কিয় ডক্টৰ মানুহ এটা কিডনীৰে ও তো মানুহ জীয়াই থাকিব পাৰে। তেতিয়া ডক্টৰে কলে -- মানুহ এটা কিডনিৰেও জীয়াই থাকিব পাৰে কিন্তু তোমাৰ দাদাৰ (মানসৰ) এতিয়া এটাও কিডনী নাই , কেইদিনমান আগতে মানসে এক লাখ টকাৰ বাবে এইখন হস্পিতালতে এজন মানুহক তেওঁৰ এটা কিডনী দি থৈ গৈছিল । এজন মানুহ হৈ মানসে আজি দুজন মানুহৰ জীৱন বচালে । ৰমেনে দাদাকৰ লগত এবাৰ কথা পাতিব বিচাৰিলে । ডক্টৰে  ৰমেনক মানসৰ ৰুমলৈ লৈ আহিলে‌ ‌। ৰমেনে কান্দি কান্দি কলে দাদা মই ইমান ভুল কৰাৰ পাছতো তুমি মোৰ দৰে পাপী মানুহ এটাক কিয় বচালা। তেতিয়া মানসে কলে - ৰমেন! মই জীয়াই থকা আৰু তই জীয়াই থকাৰ মাজত পাৰ্থক্য কি । ইমান দিনে মই মাৰ লগত আছিলো আজিৰ পৰা তই থাকিবি। ৰমেন মাক কবি মই আৰু অহা জনমত মাৰ এই লৰা হৈ আন এখন নতুন জীৱন যুদ্ধ 
কৰিবলৈ মাৰ কোলাতেই জন্ম লম ।।‌‌।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)