অব্যক্ত দুখ-এক মিনিটৰ গল্প-প্ৰবীণ দত্ত

Rinku Rajowar
0
নিশাৰ নিস্তৱব্ধতা ভাঙি হঠাৎ  চুবুৰীটোৰ কুকুৰ জাকে স্বাভাৱিকতাৰে ভুক-ভুকাই উঠিল। কুকুৰ জাকৰ ভুক-ভুকনিত উচপ খাই উঠি বিচনাখনতে বহিল পৰিল ৰমলা। অজান আকাংক্ষাত বুকুখন কঁপি উঠিল তাইৰ।

ঃ হঠাৎ কিবা এটা মনত পৰাৰৰ দৰে  ৰমলাই খপ- জপাই উঠিল। শিতানৰ গাৰুৰ তলৰ জুইশালাটো উমানে উমানে বিচাৰলে। কাঠি এটি জ্বলাই চাকিটো বিচাৰিলে। চিঁচা বটলৰ মৰাপাটৰ শলাকানি লগোৱা চাকিটো জ্বলাই দিলে। গলহেকাৰি এটা মাৰি মনতে নিজকে নিৰ্ভয় প্ৰদান কৰিলে। ঘৰটোৰ ভিতৰতে অলপ পায়চাৰি কৰি থাকি , বিচনা খনৰ তলৰ পৰা বটাঁটো আনি, চূণ চাধাৰে তামোল এখন ঠিক কৰি ,খুন্দনাত খুন্দিবলৈ ল'লে। কাঠৰ খুন্দনাটোৰ খুট্-খুট্ শব্দবোৰ ঘৰতোৰ ভিতৰেতে পাকঘূৰণী খাই থাকিল। খুন্দা তামোলখন মুখত ভৰাই পাগ লগাই চুবাই চুবাই বহি থাকিল! এইটো ৰমলা কিছুদিনৰ পৰা হোৱা অভ্যাস।

ঃ অকলশৰীয়া মানুজনীক জুৰুলা কৰি বয়সতকৈ অধিক বুঢ়ী কৰি তোলা ভাৱনাবোৰ আকৌ এবাৰ ৰমলাৰ  মনআকশত বাৰিষা মেঘৰ কলীয়া ডাৱৰ হৈ গোজৰি-গোমৰি উঠিল।

    ঃ একমাত্ৰ ল'ৰাটো আৰু মানুহটোৰে তাইৰো এখন সুখৰ সংসাৰ আছিল।আধিয়া মাটিৰ খেতিকৰি ঘৰ চলোৱা মানুহটোৰ মনত অলপো দুখ নাছিল।কাম কৰি ভাগৰি পৰা ৰমলাৰ মুখলৈ চায় কেতিয়াবা মানুহটোয়ে আনন্দৰে কৈছিল…
- "ল'ৰা ডাঙৰ হ'লে আমাৰো এদিন সুখ হ'ব চাবি অ' মাক।"- ৰমলাক মানুহটোয়ে ল'ৰা জন্ম হোৱাৰ আগৰে পৰাই মাক বুলিহে মাতিছিল।

   ঃসকলো ঠিকেই আছিল । পেটে- ভাতে খাই সপোন এটি বুকুত বান্ধি ল'ৰাক কলেজলৈকে পঢ়াইছিল। হঠাৎ জানো কি হ'ল! কলেজ পাচ কৰি বাপেকৰ দৰেই ৰঙীয়াল ল'ৰাটো ক্ৰমাত নিমাত হৈ পৰিছিল আৰু এদিন অমায়িক ল'ৰাটো ঘৰৰ পৰা নোহোৱা হৈ পৰিল। সেই যে নোহোৱা হ'ল, হ'ল যি হ'লেই আজিলৈকে উভটি নাহিল। দিন-ৰাতি বুকু ভাঙি কান্দি কান্দি ৰমলাই পাগলীৰ দৰে হৈপৰিছিল। চকুৰ পানীবোৰ গোট মাৰি বুকুত শিল হৈ পৰিছিল।  অভাৱনীয় ঘটনাটোৰ পাছত  চিন্তাতে এদিন বাপেকটো ঢুকাল।  

   এদিন ৰমলাৰ ঘৰলৈ চিপাহী মিলিটেৰিয়ো আহিছিল। তাই একো বুজি পোৱা নাছিল। মাথো অজান আকাংক্ষাত হিয়া ধুনি কান্দিছিল। কোনেও শান্তনা দি শান্ত কৰিব পৰা নাছিল তাইক  সিদিনা।।বহু দিনৰ পাছত  আৰ- তাৰ মুখে ৰমলাই শুনিছিল সি হেনো সংগঠনত সোমাল।

  কিমান দিন বাট চায় ৰ'ল তাই। কিমান উজাগৰি ৰাতি কুকুৰৰ ভুক-ভুকনি শুনি চাকি জ্বলাই, দুৱাৰৰ  খুলি চাইছিল ৰমলাই। আশা এটা বুকুত বান্ধি কিমান দিন, কিমান ৰাতি ভাত বাঢ়ি ঢাকি ৰাখিছিল তাই। চিল্-মিল্ টোপনীত কিমানবাৰ ৰমলাক কোনবাই বৌটি বুলি মতা শুনিছিল। নাই…। নাহিল… ।

   আজিও দুৱাৰখন খুলি আন্ধাৰতে ইফালে সিফালে চালে ৰমলাই ! কোনোবা আহিছে কিজানি! নাই !কোনো নাই! মাত্ৰ আঁউসীৰ আন্ধাৰক উপলুঙা কৰি কেইটামান জোনাকী পৰুৱাই ইফালে-সিফালে উৰি ফুৰিছিল ।
- হয়তো সিঁহতেও হেৰুৱা কিবা এটা বিচাৰি হাহাকাৰ কৰি ফুৰিছিল। তাইৰ দৰেই সিঁহতৰো  বাৰু আছেনেকি বুকু শিল হোৱা অব্যক্ত দুখ! - -ভাবিলে ৰমলাই।

    দূৰত এজাক শিয়ালে হোৱা দি থকা ৰমলাৰ কাণত পৰিছিল। আগফালৰ আমজোপাত থকা ফেঁচা হালে নিউ,নিউ কৈ মাতি নিশাটো গহীন কৰি তুলিছিল।ৰমলাৰ বুকুৰ শিলচটা বেচি গধুৰ হৈ পৰিছিল । হয়তো ৰাতি পুৱাবলৈ বেচি পৰ নাছিল।। অজানিতে বৈ অহা দুচকুৰ নদীখনক  চাদৰৰ আগটোয়ে মোহাৰি ,চাকিটো ফু-মাৰি নুমুয়াই ৰমলাই শুবলৈ যত্ন কৰিছিল। কুকুৰ জাকে তেতিয়াও ভুকিয়েই আছিল।

🖋️প্ৰবীণ দত্ত,শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)