সাম্প্ৰতিক সময়ত সৰস্বতী পূজাৰ বিশেষত্ব~প্ৰবন্ধ - চিন্ময় ডেকা



সৰস্বতী জ্ঞান,শিক্ষা তথা বিদ্যাৰ অধিষ্ঠিত দেৱী। 
প্ৰতি বছৰে বসন্ত পঞ্চমীত আই গোসাঁনী সৰস্বতী (সংস্কৃত: सरस्वती)  জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ দেৱী ৰূপে পূজা পালন কৰা হয়। সৰস্বতী-লক্ষ্মী-পাৰ্বতী এই ত্ৰিদেৱীৰ অন্যতম। এই ত্ৰিদেৱীৰ কাম হ'ল ব্ৰহ্মা, বিষ্ণু আৰু শিৱক যথাক্ৰমে জগত সৃষ্টি আৰু পালন  কৰাত সহায়  প্রদান কৰি বিদ্যা প্ৰতি আসক্ত তথা আকৃষ্ট কৰাই মূল উদ্দেশ্য।
.           সাম্প্রতিক সময়ত সৰস্বতী পূজা বুলি ক'লেই মনলৈ মাথো এটাই ভাৱ বহির্ভূত হয়। কিয় জানো আমাৰ মন থৌকি-বাথৌ হ'বলৈ ধৰে। কিছুদিন আগৰ পৰাই কত যে পৰিকল্পনা আমাৰ কোন যোৰ কাপোৰ সাজ পিন্ধিলে দেহা শুৱনি কৰিব আৰু কত যে' আভ্যন্তৰীণ ভাৱ উন্মেষণ হয় । হায়! হায়!.......
"মাৰ" ভাগৰ কোনযোৰ কাপোৰ পিন্ধিম,কোন টো লিপস্টিক ল'গাম কি ড্ৰেছ্ পিন্ধিম ইত্যাদি ইত্যাদি।পূজাৰ দিনা পুৱাই উঠি গেন্ধাই ফুলৰ মালা গথাঁ তথা সৰস্বতী আইলৈ বুলি লিখা সেই মন্ত্ৰ,আৰু দেৱীৰ হাতৰ মুঠিত গুজি দিয়া সেই চিঠিৰ আমেজভৰা আন্তৰিকতা কি যে, অভূতপূৰ্ব।
              পূজাৰ অন্তত দেৱীৰ চৰণত শান্তিভাগ লোৱা,সমনীয়াৰ সৈতে লগ হৈ গৰম-গৰম খিচিৰিৰ সোৱাদ লোৱা দিনবোৰ আজিও চকুৰ আগত ভাহি উঠে৷
            এই সকলোবোৰৰ অন্তত চাৰিআলিৰ চ'কলৈ গৈ কোন জনী ছোৱালী দেখিবলৈ ভাল লাগিছে, কোন জনীক প'পোছ কৰিম কোন জনীৰ সৈতে ডেটিঙলৈ বুলি যাম আৰু কত কিমান আলোচনা।
               সময় সলনি হোৱাৰ লগে লগেই আধুনিকতাই গা কৰি উঠিছে সকলোকে। "সলনি হয় সকলোবোৰ"৷এতিয়াৰ সৰস্বতী পূজা বুলিলেই সকলোৰে মনলৈ অহা প্ৰথম কথাটোৱেই হ'ল- সৌন্দৰ্য্য প্ৰতিযোগিতা৷এই প্ৰতিযোগিতাৰ উদ্দেশ্যে কি?ভাল-বেয়া কি?এইবোৰৰ বিষয়ে নকলেও হ'ব।কিয়নো আমি ইতিমধ্যে কম-বেছি পৰিমানে সকলোৱে অৱগত৷কিন্তু পৰিবৰ্তনৰ এই ভাবধাৰাত হেৰাই গৈছে পূৰ্বৰ সেই সৰস্বতী পূজাৰ মাদকতা তথা বিশেষত্ব সেয়া কিন্তু সচাঁকৈ অনাকাংক্ষিত৷ এতিয়া পূজা নাই, সেই সৰস্বতী আইলৈ বুলি লিখা চিঠি,বা মালা গথাঁ দিনৰ মাদকতাও নাই? হেৰাই গ'ল সকলোবোৰ ।এতিয়াৰ বহুতেই হয়তো, পূজালৈ আহি দেৱীৰ শান্তিভাগ বা গৰম-গৰম খিচিৰিৰ সোৱাদ ল'বলৈ বেছি সময় অতিবাহিত কৰি ভাল পায় আৰু নিজৰ সৌন্দৰ্য্য বা কেমেৰাৰ সন্মুখত,ভাল পায় খিচিৰিৰ সলনি ৰেষ্টুৰেন্টৰ বিভিন্ন আইটেম বোৰ খাবলৈ বয়ফ্ৰেণ্ডৰ সৈতে।
সৌন্দৰ্য্যতা সকলোৰে কাম্য,সৌন্দৰ্য্য অবিহনে জীৱন অৰ্থহীন।কিন্তু পৰাপক্ষত কেৱল বাহিক্যতাৰ পৰা নহয় মনৰ পৰাহে হ'ব লাগে সৌন্দৰ্য্যতাবোধ ৷
            পূজাস্হলী সমূহত যিটোহাৰত কেমেৰাৰ উপস্হিতি হয় ,দেখি আচৰিত লাগে পাই!যেন_ পূজালৈ অহা প্ৰতিজন প্ৰতিযোগিতাৰ বাবে সাজু হৈ ৰৈ থকা একো একোটা মূৰ্তি।
                   বহু পূৰ্বৰে পৰা সৰস্বতী পূজাৰ দিনা মেখেলা-চাদৰ পিন্ধি অহা আমি সকলোৱে দেখিছিলো।  তেতিয়াৰ সেই দিনত প্ৰতিযোগিতা নাছিল,সেয়েহে সৌন্দৰ্য্যতাতকৈ পূজাৰ আনন্দ,ভক্তিৰ হে বেছি  গুৰুত্ব আছিল৷
                     শেষত এয়ে ক'ব বিচাৰো সময়ৰ লগত সকলো বস্তু কিছু-কিছু পৰিমানে সলনি হোৱাটো স্বাভাৱিক কিন্তু সেই পৰিবৰ্তনে অতীতৰ অস্তিত্বক যেন আঘাত নকৰে৷তাৰে প্ৰতি লক্ষ্য ৰখাতো সকলোৱে নিজ-  নিজ কৰ্তব্য তথা দায়িত্ব।লগতে অভিভাৱক সকলেও নিজৰ সন্তানক সৰস্বতী পূজাৰ প্ৰকৃত অৰ্থ আৰু মাদকতা জনাত সহায় কৰক,পূজাৰ দিনা নিজ সন্তানক প্ৰতিযোগিতালৈ বুলি নহয়, প্ৰকৃত পূজালৈ বুলি উলিয়াই পঠিয়াওঁ' ক৷ নহ'লে আমাৰ হেপাঁহৰ অতুলনীয় সৰস্বতী পূজাৰ প্ৰকৃত উদ্দেশ্যে ম্লান হৈ এদিন নোহোৱা হৈ পৰিব৷ যদি আজি আমি বুজিওঁ নুবুজাৰ ভাওঁ ধৰোঁ তেন্তে আমাৰ ভবিষ্যত প্ৰজন্ম ম্লান দিশে অগ্ৰসৰ হ'ব।


✒️চিন্ময় ডেকা (ওডালগুৰি, টংলা)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send