অগ্নি প্ৰজ্বলিতং - কানন শৰ্মা

©Admin
0

                
                   
ঋতু পৰিৱৰ্তনৰ সঞ্জিৱনী
বিলাই জীৱনৰ আদিম পুৱাৰ
চাপিছেহি আয়ুবেলি কৃষকৰ
নঙলা মুখত ফুটগধূলি
গধুলি গোপাল ফুলাৰ পৰত।

মেতমৰা সোণগুটি ডাঙৰি
নদাই ,ভদাইকাই কঢ়িয়ায় লখিমী
ডালিমী-বিমলী পেহীৰ কঙ্কণৰ
জংঙ্কাৰত সৰি পৰে মুকুতা মণি।

কপালৰ ঘামত ঠন ধৰি উঠে
উঠন বুকু ফাটি যায় যন্ত্ৰনাত
আইৰ বুকুত দেখোন অসমীয়া
এজনো যে নাই গুৰি ধৰোতা।

আকাশী গঙ্গাৰ  দৈঘ্য জোখৰে
কাৰোবাৰ অনুমতি অবিহনে
নিয়ৰ কণিকাই পখালে কৃষকৰ
ৰক্ষা কবচ ভড়াল চহকী কৰি
মিলনৰ সপোন বাস্তবত পৰিণত।

সাজৰ তৰাই ওৰণি গুচায়
পৰিয়াললৈ ব্যাপক পৰিৱৰ্তনে
আবাল বৃদ্ধ বনিতাৰ চেনেহৰ
ভোগালীয়ে তপ্ত বতৰা বিলায়।

অগ্নি প্ৰজ্বলিতং মুহুৰ্ততশ্ৰীনন্দীতা 
অপবিত্ৰৰ দংশনত যজ্ঞস্থলীত
জাতীয় চেতনা জগাই তোলে মন্ত্ৰ
অনুৰ্বৰ হৃদয়ৰ গভীৰ থাপনাত।

শীতৰ শেতেলীত চিগিল পুৱতি
ভাতৃত্বৰ প্ৰেমৰ সম্পৰ্কৰ শিকলি
তৰাং নদীত জীয়া মাছৰ শৈক্ষিক
টিঘিল ঘিলনিত ফৰিংচিতিকে
প্ৰথা বোৰ মুকলি হয় মাথোন
ভোকাতুৰৰ মিতিৰালি দেখি।

ভোগালী ভোগায়ে অগ্নি সাক্ষী হ'ব
নাবান্ধো টঙালি পৰম্পৰা অনুসৰি
কল্পদ্ৰোম সেউজ প্ৰেমৰ প্ৰতীক
অপূৰ্ব আচ্ছাদন ৰূপে নীলাম্বৰ।

হে মোৰ প্ৰাণৰক্ষা কৃষক কুতুম্ব
অগ্নি প্ৰজ্বলিতং মুহুৰ্তত অনুনয়
পৰম্পৰাগতভাৱে বৃক্ষৰোপণ
জাতীয় চেতনা বোধ নকৰি বাৰন
জনালো ভোগালী বিহুৰ সম্ভাষণ।
-------------------------------------------

কানন শৰ্মা
পিয়লি ফুকন নগৰ
গুৱাহাটী - ২১

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)