শিল্পী-কবিতা~হাইছ উদ্দিন আহমেদ

Rinku Rajowar
0
অতীত, বৰ্তমান ,ভৱিষ্যত
কেতিয়াও নাহে ওচৰলৈ জীৱনত
আঁকিম এক নতুন ছবি পৃথিৱীত
পাহাৰৰ ওপৰত কেতিয়াবা
পথাৰত
আঁকিম আকৌ এবাৰ ছবি সমাজত
দলংৰ ওপৰত কেতিয়াবা
কাচাৰিত
শিল্পী  তিনিও কালৰ মই 
ছবিৰ কথাৰে কথা পাতি যাম
কেতিয়াবা কেতিয়াবা সৃষ্টিৰ আঁৰত
থাকিম জীয়াই চিৰসেউজ হৈ অসমত ময়েই বৰ্তমান, ময়েই ভৱিষ্যত
আছিলোঁ ময়েই অতীত
শিল্পী সকলৰ মাজত

🖋️হাইছ উদ্দিন আহমেদ
               নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)