ৰৈ আছোঁ আমি-কবিতা~ৰিতুপন গোস্বামী

ৰৈ আছোঁ আমি
সময়ৰ বাবে।
সময়ৰ লগত 
সমতান দি যাবলৈ।
ৰৈ আছোঁ আমি
ক্ষন্তেক জিৰাবলৈ।
গছৰ তলত বহি
ছাঁ ল'বলৈ।  
শেষৰ বাবে ৰৈ আছোঁ আমি,
দুঃসময়ৰ ওপৰত ভেজাঁ দি।
অৰুণৰ নৱকিৰণৰ আশাত 
ৰৈ আছোঁ
 আমি,সময় চেলেকি চেলেকি।
    

🖋️ৰিতুপন গোস্বামী
     টিপাম,ডিব্ৰুগড়

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send