তোমাৰ প্ৰেম~কবিতা-ছাইফুদ্দিন আহমেদ

©Admin
0
তোমাৰ প্ৰেমৰ যন্ত্ৰণাৰ
জুইকুৰা জ্বলি আছে
উমি উমি অৰ্হনিশে
মোৰ হৃদয়ৰ
বন্ধ কোঠালিত;

মই ভীষণ বেতালিয়া
হৈ পৰিছোঁ কিয় যে 
পৰীক্ষাৰ কথাটো পাহৰি
দিন-ৰাতি একাকাৰ কৰি
তোমাৰ কথা ভাবি থাকোঁ!

কি কৰোঁ ক’তে মৰোঁ মই
আজি কেইবাদিনো ধৰি
গোটেই নিশা উজাগৰে
আছোঁ কটাই , দুচকু
মুদিলেই তুমি আহা সপোনত ৷

তোমাৰ প্ৰেমে মোক
এটা মুহূৰ্তও শান্তিত
কিয় যে থাকিব দিয়া নাই ?
ক’ব জানো পাৰিবা তুমি
মোৰ চকুৰ পিনে চাই ...?

✍ছাইফুদ্দিন আহমেদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)