তোমাৰ বাবে~কবিতা-দিপশিখা ৰাজকোঁৱৰ

তোমাৰ অবিহনে জীৱনটো
তেনেই উৰুঙা,
তোমাৰ বাবেই জোনাক নামে
মোৰ জীৱনত।
হাঁহিবোৰ ৰামধেনুৰ দৰে
ৰঙীন হৈ পৰে
দুটি ওঁঠত মোৰ গুণ গুণ
সুৰ ভাঁহি আহে।
চৌদিশে কেৱল 
তোমাৰেই প্ৰতিধ্বনি
তোমাৰ লগতে থাকে
মোৰ সকলো সৌন্দৰ্য্য
সকলো আশা আৰু ভৰষা।

✍দিপশিখা ৰাজকোঁৱৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send