অ’ কাউৰী অ’ কাউৰী
কিনো কোৱা
কা কা কৰি
আকাশত উৰি ফুৰি ?
জীৱ শ্ৰেষ্ঠ মানৱৰ
শ্ৰেষ্ঠত্ব দেখি ,
জাতি-বৰ্ণ-ধৰ্মৰ
বিভেদ দেখি ,
হিংসামত্ত সমাজৰ
হিংসা দেখি ,
বুবুক্ষাৰ বাবে
লালসাৰ লেলাৱতি দেখি ,
ভ্ৰষ্টাচাৰীৰ ভ্ৰষ্টাচাৰৰ
ৰাজমহল দেখি ,
কামুক ব্যক্তিৰ
কামনা বাসনা দেখি ,
সত্য সততাৰ
শৰশয্যা দেখি ,
আজি মই হাঁহিছোঁ
উৰি ফুৰি
কা কা কৰি ।
এই জীৱ শ্ৰেষ্ঠ মানৱে আকৌ
মোক বিদ্ৰুপ কৰে
মোৰ এঙেৰুৱা বৰণ দেখি
মোৰ এঙেৰুৱা ওঁঠ দেখি ।
হে , মূৰ্খ মানৱ
হ’ব পাৰে মোৰ
বৰণ এঙেৰুৱা
ওঁঠ এঙেৰুৱা
নাই কিন্তু তোমালোকৰ দৰে
জাতি-বৰ্ণ-ধৰ্মৰ ভেদাভেদ,
হিংসাৰ ভাৱনা ,
কুটিল মানসিকতা ,
ক্ষমতাৰ প্ৰতিযোগিতা,
কামনা-বাসনাৰ সুবাসনা ,
আপোনপেটীয়া অৱধাৰণা ।
আছে মাথোঁ
সংহতি সজ্ঞান সংঘবদ্ধৰ
নীলা নীলিমা ।
✍️মানিক পাল
গাঁও: শিমলীতোলা
জিলা:গোৱালপাৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ