আহ্বান-কবিতা~দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
নৱ জোৱানৰ অসমীয়া দল
আহা ওলাই যাওঁ,
নতুনকৈ অসমখন গঢ়িবলৈ
য'ত থাকিব-
মৰম, সহানুভূতি, ভালপোৱা
আৰু একাগ্ৰতা।
তাহানিৰ লাচিতৰ দেশৰ বীৰ
আমি জানো নহয়,
যুঁজিবলৈ কিহৰ ভয়।
মহাত্মাই‌ দি থৈ যোৱা
সত্য পন্থাৰে আগুৱাই যাম,
পুনৰ জিলিকাই তুলিম
এইখন অসমীয়াৰ  দেশ।
শংকৰ মাধৱে বান্ধি থৈ যোৱা
এনাজৰী ডাল পুনৰ
উজ্বলাই তুলিম
আহা ওলাই আহা
নৱ জোৱানৰ অসমীয়া দল।
আমি জানো একেখন নাঁৱৰে
যাত্ৰী নহয়
শান্তিৰ চাঁকিগছি
সকলোৱে মিলিজুলি জ্বলাম।
সদায় সৎ পথত থাকি
বীৰৰ‌ দৰে শত্ৰুক
পৰাজয় কৰিম।
বেয়া দিশবোৰ ত্যাগ কৰি
ভাল দিশবোৰ আকোঁৱালি
লঁও আহা দেশবাসী
পুনৰ সাজু হ'বলৈ হ'ল
শুদ্ধ মন আৰু চিন্তা
বুকুত বান্ধি
নহ'লে এই দেশ
আনৰ‌ হাতলৈ যাব।
সকলোৱে একেলগে
হাতে হাত ধৰি  কওঁ‌ আহা
জয় আই অসম
জয় আই অসম।।

✍🏻দিপশিখা ৰাজকোঁৱৰ
   একাদশ শ্ৰেণী
ঊষাপুৰ কোঁৱৰ গাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)