মেঘমল্লাৰ~কবিতা-সৌৰভ কুমাৰ বৰুৱা

দুপৰীয়াৰ ৰ'দালীত
অবাঞ্চিত অনাকাংক্ষিত
মেঘমল্লাৰ ৰাগ ।

হঠাৎ ধুমুহা বজ্ৰপাত 
আৰু মুষলধাৰ বৰষুণ ।

অৱধাৰত বৈ আহিল 
এখন ঝিলম ।

সিপাৰে  সসাগৰা ।
ইপাৰে বুকুত ইতিহাস সামৰি 
সৰা পাতে সাবটা
এটা তৰাৰ জীৱাশ্ম ।

✍সৌৰভ কুমাৰ বৰুৱা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send