শাৰদী জোনাকৰ অভিমান~কবিতা-দিব্যজ্যোতি ডেকা

©Admin
0
জোনাক বিচাৰি আহিনে 
হাহাকাৰ কৰিছে...
দূবৰি বনৰ সেউজীয়াত 
সময় থমকিছে...
বাজিছে আধাফুটা গান...
কবিতাৰ পদূলিত নিয়ৰৰ ফুলবোৰে 
বিলাইছে পাগলাদিয়াৰ সুবাস 


হওঁ  নহওঁ  বুলি কিছু কথা 
সলনিয়ে হ'লচোন
শাৰদী জোনাকেও সেয়ে সলাইছে পথ...
পোহৰ ভাল পাওঁ বুলি 
ক'বলৈয়ো ভয়
জোনাকে মাথোঁ সুবিধা লয়
ননৈপৰীয়া বগলীজাক দেখি
উৰিবলে মন যায়
সেইখনি আকাশত
কিন্তু শোভা নেপায়...
নাই যে মোৰ ধকধকীয়া বগা পাখি


এতিয়া প্ৰতিযোগিতা চলে শাৰদী জোনাকৰ শীতলতা প্ৰাপ্তিত
কাৰণ জোনাক এতিয়া উচ্চশিক্ষিতা 
পঁজাঘৰ বেয়া পায় 
ৰাজকাৰেঙত বেচা-কিনা হয়
জোনাকৰ মান-অভিমান ,অৰ্থ অভিলাষ...
আঁতৰৰ গন্ধত জীপাল হয়
আধুনিকতাৰ সুবাস...


✍দিব্যজ্যোতি ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)