বৰষুণ বা নিয়ৰ~কবিতা-আকাশ দাস


কিন্-কিনিয়া বৰষুণত ভিজা তাইৰ চুৰ্ণীখন
দীঘল চুলিকোছাত ওলমি আছে।

নিয়ৰ নে বৰষুণ ধৰিব নোৱাৰা বতৰত
আকাশে ৰং সলাইছে।

তাই চুলি সজাইছে,
বুকু আঁটি পানী চেপিছে
বৰষুণ বা নিয়ৰৰ।

 ✍আকাশ দাস
                  

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send