দিগ্ ভ্ৰান্ত মোৰ পৃথিৱী~কবিতা-কংকন ডেকা

©Admin
0
সমুজ্জ্বল পুৱাবোৰত নহয় 
স্ফীত আঁউসীত মাতাল মই, 
শৈশৱৰ সেই দিনবোৰত নহয়;
তোমাৰ স্মৃতিয়ে আমনি কৰা ৰঙা গোলাপৰ মৰহা ফুলৰ পাহিত মাতাল...।
 নিবিচাৰোঁ কাঁচৰ মাজেৰে 
চাব পৰা ফটফটীয়া এটা নিকা জীৱন ৷
বিচাৰোঁ এক অন্ধকাৰ পৃথিৱীৰ কোনোবা এটি কোণত উজ্জ্বল
এক তৰাৰ পোহৰ  ৷ 
যান্ত্ৰিক পৃথিৱীত 
এটি নিকা জীৱনৰ নাই
প্ৰয়োজন মাথোঁ
কলা ধোঁৱাৰ দৰে 
এক জীৱন...।
 খন্তেকীয়া জীৱনৰ 
মূল্য বিচাৰি,
হাহাকাৰ কৰাৰ প্ৰয়োজন 
অনুভৱ নকৰে ৷
বিচাৰে মোৰ দৰে 
নিষ্প্রাণ জীৱনৰ
আগ্নেয়গিৰিৰ ধোঁৱা ৷

✍কংকন ডেকা 
নলবাৰী, চামতা
তৃতীয় ষান্মাষিক 
কামৰূপ কলেজ, চামতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)