অনুভৱৰ সিপাৰে~কবিতা-জক পাই


(ক)

নগ্নতাৰ লগত চিনাকি হোৱাৰ পৰাই, 
লাজবোৰ বাঢ়ি গ'ল।
ভদ্ৰতাৰ অৰ্থও সলনি হ'ল। 
দিনৰ পোহৰত এলাগী নগ্নতাবোৰ
ৰাতিৰ আন্ধাৰত বুকুৰ কুটুম হ'ল।

(খ)

নাৰী দিৱসৰ মুখ্য অতিথিগৰাকী,
বেশ্যালয়ৰ নিয়মীয়া গ্ৰাহক হ'ল।
জোনাক ৰাতিৰ প্ৰেমিক কবিয়েও
আঁউসী ৰাতিৰ সোৱাদ পোৱা হ'ল। 

(গ)

আধুনিকতাৰ চাকনৈয়াত 
লাজবোৰ বাঢ়িল নে লাজবোৰ কমিল? 
আধুনিকতাৰ সংজ্ঞাই বা কি? 
অৰ্ধনগ্ন আৰু উচ্ছৃংখলেই যদি আধুনিকতাৰ উত্তৰ,
তেন্তে প্ৰশ্ন কৰাৰ অৰ্থই বা কি! 

(ঘ)

মানৱতাৰ কঙালে আৱৰি ধৰিছে 
পোহৰৰ যেন কোনো উমঘামেই নাই! 
প্ৰতিবাদৰ ঢৌৱে কাণ তাল মাৰিছে, 
ভাবিবলৈ সময় কাৰোৱেই নাই। 

(ঙ)

বুজিলে পানী, নুবুজিলে নৈ ঘাটৰ শিল
বহলাই নকওঁ লাগে যদি ৰাইজৰ দোষ। 
প্ৰতিশ্ৰুতিৰ সাগৰত বিলীন নহ'বি
সেইবুলি নাৰিকলৰ মূল নুবুজা বান্দৰো নহ'বি।


 ✍ জক পাই,  আগ্ৰা, উত্তৰ প্ৰদেশ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send