অনুভৱ~অনুভৱ-তৃষ্ণা বৰা

©Admin
0
এইবছৰৰে জুন জুলাই মাহৰ কথা । মহামাৰী ক'ৰনাই সকলোকে আতংকিত কৰিছে ।লকডাউন তেতিয়া ।মোৰ চিনাকী ল'ৰা এজনৰ দেউতাকৰ গা বেয়া ।মেডিকেল কলেজৰ ICU ত আছে ।তেওঁৰ কিন্তু ক'ৰনা হোৱা নাই । তেওঁলোকৰ ঘৰত এজনেই ল'ৰা আৰু কোনো নাই । দেউতাক বহুত দিন মেডিকেল কলেজত থাকিব লগা হল । ICU ত আছে বাবে তাৰ আৰু বেছি কষ্ট হৈছে গোটেই দিন ৰাতি ICU ৰ বাহিৰৰ বাৰাণ্ডাতে কটাব লগীয়া হৈছে । আৰু সেই সময়ত ক'ৰনাত মানুহৰ মৃত্যুও হৈছে । তাৰোপৰি ক'ৰনা হোৱা মানুহ বোৰ  মেডিকেল কলেজতে ৰাখিছে বাবে তাক অলপ সহায় কৰি দিবলৈও কোনো নাই । কোনো বংশ পৰিয়ালৰ ককাই ভাইও তাক অলপ সহায় কৰি দিবলৈ যোৱা নাই । কাৰণ সকলোৰে এটাই ভয়... ক'ৰনা। তেনেকৈ এসপ্তাহ মান পাৰ হ'ল l  কষ্টত তাৰ মুখ খনলৈ চাব নোৱাৰা হ'ল । দিন ৰাতি অকনো আহৰি নাই তাৰ । তাৰ কষ্ট দেখি  তাৰ ঘৰৰ ওচৰৰে এজন লগৰ ল'ৰাই তাক ঘৰত শুবলৈ পথাই দি দেউতাকক ৰাতি ৰখি দিলে । প্ৰায় চাৰি পাঁচ দিন লগৰ জনে ICU বাহিৰৰ বাৰাণ্ডাত বহি দেউতাকক ৰখি দিলে । তাৰ পিছত এদিন দেউতাক ঢুকাল ।
দেউতাক ঢুকুৱাৰ খবৰ ল'বলৈ মই তেওঁলোকৰ ঘৰলৈ গ'লো। তেতিয়া ছয় নে সাত দিন হ'ল । কোনো মানুহ নাই তেওঁলোকৰ ঘৰত । মাকক  কামত অলপ সহায় কৰি দিবলৈও কোনো এটা নাই । তেনেতে ওচৰৰে দুজন মান বয়োজেষ্ঠ আহি মোৰ কাষতে বহিলহি । সন্ধ্যা লাগিবৰ হ'ল । তাৰ বৰতিয়া ভাত খাবৰ হ'ল ।মাকে ক'লে কোনোবা এটাক মাতি আন তোৰ লগত ভাত খাবলৈ... সি সেই দেউতাকক মেডিকেলত ৰখি তাক সহায় কৰি দিয়া বন্ধু জনৰ নাম ল'লে... মাকে লগে লগে ক'লে.. সি তোৰ লগত ভাত খাব নোৱাৰে... সি আমাৰ কুলৰ নহয় । মাকৰ কথাতে হয় ভৰ দি বয়োজেষ্ঠ কেইজনেও সেই কথাত মতামত দিলে ।

তেওঁলোকৰ কথা শুনি মোৰ চকু কপালত উঠিল... কি মানুহ এইবোৰ... চি: আজিৰ যুগতো এনে মানসিকতা।যিটো ল'ৰাই এই মহামাৰীৰ দিনতো তাৰ লগৰ তোৰ কষ্ট সহ্য কৰিব নোৱাৰি মেডিকেল কলেজৰ ৰ ICU ৰ বাৰাণ্ডাত বহি চাৰি পাঁচ দিন দেউতাকক ৰখি দিলে.. য'ত তাৰ পৰিয়ালৰ ককাই ভাই এজনো আগবাঢ়ি নগ'ল এতিয়া সেই ল'ৰাটো তেওঁলোকৰ কুলৰ নহয় বাবে তাৰ লগত ভাত খালে অপৰাধ হ'ব....

এইয়াই সমাজ... সমাজৰ নিয়ম ।

বৰ্তমান সময়তো প্ৰচলিত হৈ থকা জাতি ব্যৱস্থা, বৰ্ণ বৈষম্যতা, উচ্ছ নীচ মনোভাৱ এইবোৰ কিমান প্ৰাসংগিক?? দুখৰ বিষয় যে আজিৰ প্ৰজন্মৰ কিছুমান উচ্ছ শিক্ষিত মানুহৰ মাজতো এই মনোভাৱ দেখিবলৈ পোৱা যায় । জাতি ব্যৱস্থা, বৰ্ণ বৈষম্যতা,উচ্চ - নীচ মনোভাৱ এইবোৰ সমাজৰ বাবে অভিশাপ ।এইবোৰে সমাজক সংকীৰ্ণ শ্ৰেণীত ভাগ কৰিছে ।আজিও বহু মানুহৰ মাজত এই মনোভাৱ দেখা যায় ।বিশেষকৈ সকাম - নিকাম, বিয়া বাৰু আদিত এই বৈষম্যতা বেছিকৈ দেখা যায় । উচ্চ জাতিৰ মানুহে নীচ জাতিৰ মানুহৰ ঘৰত বিয়া সকাম খাবলৈ নাযায় বা যোৱাটো তেওঁলোকৰ বাবে অপৰাধ ।অতি দুখৰ বিষয় যে আজিও কিছুমান মানুহে বিবাহৰ ক্ষেত্ৰত ল'ৰা বা ছোৱালী জনীৰ স্বভাৱ চৰিত্ৰ, শিক্ষা - দীক্ষা আদি প্ৰয়োজনীয় দিশ বোৰ চোৱাৰ আগতে তেওঁ কি জাতিৰ সেইটোহে বেছি গুৰুত্ব দিয়া দেখা যায়।  আজিও নিজৰ জাতি-বৰ্ণক লৈ নিজকে মই বৰ বুলি ভাবি থকা সেই সকলক মই ক'ব বিচাৰো...

প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালাম দেৱে কৈছিল...
" তুমি নিজৰ চেহেৰাটোক লৈ গৌৰব নকৰিবা..
       সেইতো তোমাৰ নিজৰ সৃষ্টি নহয়,
  তুমি তোমাৰ বংশক লৈও গৌৰব নকৰিবা..
         সেইতো তোমাৰ নিজৰ বিচাৰ নহয়,
  তুমি গৌৰব কৰা তোমাৰ স্বভাৱ চৰিত্ৰক লৈ
             যিটো তোমাৰ সৃষ্টি....... "

গতিকে এজন মানুহ কোনটো জাতি কুলত জন্ম গ্ৰহণ কৰিছে সেইতো ডাঙৰ কথা নহয়.. তেওঁ এজন ভাল মানুহ হ'ব পাৰিছেনে নাই সেইটোহে লক্ষ্যনীয় কথা । ভাল মানুহ হ'বলৈ উচ্চ জাতি বা বংশত জন্ম গ্ৰহণ কৰাৰ প্ৰয়োজন নাই লাগে মাথো সততা আৰু চেষ্টা।
মানুহৰ কৰ্মই মানুহক আচল পৰিচয় দিয়ে । মানুহ সকলো মানুহ ।  মানুহৰ কৰ্মৰ ওপৰত ভিত্তি কৰি মানুহক ভাল মানুহ - বেয়া মানুহ বুলি বিভাজন কৰিব পাৰে... জাতি - বৰ্ণৰ ভিত্তিত নহয় । আমাৰ সকলোৰে মনোবৃত্তি পৰিৱৰ্তন হ'লেহে সমাজত সকলোৰে মাজত সমতা আহিব আৰু সকলো একে মানুহ বুলি গৌৰৱ অনুভৱ কৰিব পাৰিম।

✍তৃষ্ণা বৰা,যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)