শীত~কবিতা-কানন বৰুৱা

শীতৰ কোমল শুভ্ৰ আচ্ছাদনে
দিয়েহি আমেজ
সন্ধ্যাৰ এটি ক্ষণত
শুভ্ৰ সাজ পৰিহিতা ধৰা
কিযে অপৰূপা...
কুঁৱলীৰ আঁৰে-আঁৰে
লুকা-ভাকু খেলে
ৰঙীন গধূলিবোৰে.....
স্বপ্নময় পৃথিৱীৰ
অপৰূপ সৌন্দৰ্যক লৈ
সেউজী বিৰিখেও
শীতৰ সতে ওমলে
আকৌ নিশান্ত হ'লেই
ৰৈ থকা এটি পুৱা...
কাঁচিয়লি ৰ'দ কনে
বুলাইহি গালে মুখে
প্ৰভাতি সূৰুযৰ ন আলোক
এটি নতুন দিনৰ সূচনাৰে
স্বপ্নৰ পৃথিৱীত খোজ পেলাবলৈ.....।

 ✍কানন বৰুৱা, ডিব্ৰুগড়
                 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send