ধুন শুনচোন~কবিতা-ৰিতুপন গোস্বামী

©Admin
0
আহিছিলিহে যাবৰ হ'লেনে?
অলপ ৰহ না,কথা পাতো।
কিমান দিনৰ মূৰত আজি তোক লগ পাইছো,
নাজাবি না।
অই শুন চোন ধুন...

মা মোক যাবলৈ দে,
মই এতিয়া তোৰ সন্তান হৈ থকা নাই।
এতিয়া মই দেশৰ সন্তান,
তোৰ কোলাত এতিয়া মই বহি থাকিলে নহ'ব।
মোক যাবলৈ দে মা যাবলৈ দে।
এয়া আদেশ আহিছে,
শক্ৰ সৈন্যই যুদ্ধৰ বাবে সাজো হৈছে।
মই যাওঁ দেই  মা,
মোক বেয়া নাপাবি।

অই মা শুন চোন,
তোৰ হয়টো মনত আছে ?
এদিন তোক কৈছিলো,
মোৰ বুকুৰ বিষটোৰ কথা।
আজি কালি বুকুখন কেতিয়াবা,
অলপ বেছিকৈয়ে বিষাই অ'।
সকলো এৰি,
গুচি যাব মন যায় অ',
তোৰ কোলাত মূৰ থৈ
হেপাঁহ পলোৱাই শুবৰ মন যায়।
কিন্তু যাব নোৱাৰো?
মই বহুত নিৰুপাই অ মা....।

✍ৰিতুপন  গোস্বামী,জয়পুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)