নাই মোৰ সংগ নালাগে মোক ,
কোনোদিনে অকলশৰীয়া অনুভৱ নকৰা
মইজনী আজি অকলশৰীয়াকৈ আছো ,
এতিয়া নিঃসংগতাই মোৰ বন্ধু ।
মুখা পিন্ধা সংগতকৈ
মোৰ কাৰণে
নিসংগতাই সকলো ।
সংগৰ লগত থকাতকৈ মই
নিসংগই সুখী।
তুমি মোক সুধিছিলা ------
নিসংগ কৈ থকাৰ কাৰণ ?
আজি মই তোমাক সোধো
সংগত থাকিওচোন তুমি আজি অকলশৰীয়া
কিবা কাৰণ ?
তুমি চাগে নাজানা
আজিৰ মানৱ কেনে ?
আজিৰ মানৱতাৰ প্ৰধান গুণ স্বাৰ্থপৰতা ।
স্বাৰ্থ নোহোৱাকৈ
কোনেও তোমাৰ সংগ নিদিয়ে ।
সকলো স্বাৰ্থপৰ ।
নিজ স্বাৰ্থ পূৰণ হ'লে
সকলোৱে নিসংগ কৰি এৰি যায়।
এয়া কোনো কাল্পনিক নহয় ,
ই এক অংশ মোৰ অতীতৰ ।
যাৰ লগত মই বাৰু কৈয়ে পৰিচিত ।
✍️বৰষা ঠাকুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ