ফাগুনৰ পৰশত সপোন সেউজবুলীয়া
ভগ্ন হৃদয়ত প্ৰেমৰ শিকলিৰে বান্ধি
সাজিব পাৰি তাজমহল।।
হৃদয়ৰ পৰা হৃদয়লৈ একোটা সপোন।
পুৱাৰ ৰ'দালিৰ স'তে ডায়েৰিৰ পৃষ্ঠা লুটিয়াই
বুকুৰ কোণেৰে বয় বিষাদ মালিতা
সেউজী বুকুত এজাক ধূলিয়ৰি পছোৱা।
উন্মনা বুকুত এজাক হিম শীতল চেঁচা বতাহ
ঢালি দিয়া হৃদয় হৈ পৰক শান্ত...
সিঁচি দিয়া শিমলু -পলাশৰ ৰং।।
নাহিবি কালধুমুহা বুকু কঁপি যায়
জীৱন নাটৰ যৱনিকা নেপেলাওঁ এতিয়াই
বহু কাম এতিয়াও বাকী, আছোঁ নিৰৱ পক্ষী হৈ
ফাগুনৰ প্ৰথমজাক বৰষুণে হৃদয় জীপাল কৰি
বাঙ্ময় অনুভৱত উটি যাব খোজো
জীৱন বাটত এইয়া যে কঠোৰ সাধনা।
✍ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ