তুমি আহিবা-বিমল কুমাৰ দাস

©Admin
0
ধনশ্ৰী নৈৰে ভটীয়াই
আহিবা দেই আমাৰ মিচিং গাঁওলৈ 
চেনেহৰ দীঘেৰে মৰমৰ বাণীৰে 
বৈ থ'ম মিবু গালুগ তোমালৈ 
ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পিন্ধাবা 
আলি আঃয়ে লৃগাঙত আহি।

ৰিঃবি গাচেং দি 
আদৰি আনিব মৃগম-মৃগয়নীক 
আহিবা দেই চেনাই 
গুমৰাগ নাচিম আমি ।

মাটি চহাব , শষ্যৰ বীজ, সিচিব 
আৰু ৰু'ব আলুগুটি,
কৰিব সূৰ্য্য দেৱতাক পূজা 
পঃৰ আপং দি
জেওৰা কাষত গুমৰাগ নাচিব 
জিলিকাই মিচিং সমাজৰ সংস্কৃতি।

আহিবা দেই চেনাই
পঃৰ আপংৰ লগত 
পুৰাং আপিন খোৱাম তোমাক
 নামচিং আৰু মাংস গাহৰিৰ।

সময় পালে এইবাৰ 
আলি আঃয়ে লৃগাঙতে আহিবা 
থাকিম ৰৈ তোমালৈ 
মিচিং মচাং এগেগাচৰ পিন্ধি।।

✍️বিমল কুমাৰ দাস    
কুৰুৱাবাহী, নিকৰীঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)