বুকুত ফাগুনীয়ে
জাগ্ৰত কৰিছে
প্ৰেমৰ আকুলতা ৷
কাণে কাণে গাইছে গান
যৌৱনৰ সলাইছে ৰং
প্ৰেমৰ পথাৰত যাওঁ বুলি
শুৱনি কৰিবলৈ
কোমল হৃদয়খনি
কাৰোবাৰ প্ৰেমৰ জোৱাৰে
কলিজাত তুলিছে কঁপনি
মিলনৰ ৰাগীত কৰিছে বলিয়া ৷
বিয়াৰ বতৰ আহি পালে
লগৰীয়াৰ বিয়া যাওঁ
এজনী নিজৰ কাৰণে
যদি পাওঁ বিচাৰি ল’ম ধুনীয়া চাই
অহা বহাগত পাতিম বিয়া
ফাগুনী তুমি যদি মোৰ
কইনা বিচৰাত সঁহাৰি দিয়া ৷
এই ফাগুনতে যাম বৰযাত্ৰী হৈ
বহুতৰে কইনা আনিবলৈ ৷
স্নিগ্ধ সুবাসত ফাগুনীৰ মুগ্ধ হাঁহি
মাতি আছে প্ৰকৃতিয়ে হাত বাউলি
তুমি নিৰৱে আছা কিয় বহি ৷
✍️ছাইফুদ্দিন আহমেদ
আইনৰ ছাত্ৰ (Law Student)
সভাপতি বৰভগীয়া আঞ্চলিক আমছু’
আলোচনী সম্পাদক মংগলদৈ আইন মহাবিদ্যালয় ও সদৌ অসম আইন ছাত্ৰ সংন্থা দৰং জিলা সমিতি
CEO and Editor-in-Chief
Secular India tv news web portal.
Well nice
ReplyDelete