মুখা~অণুগল্প-মিংকু ডেকা

"গাঁ‌ৱত শান্তি-সম্প্ৰীতি , একতা-ভ্ৰাতৃত্ববোধ বজাই ৰখাটো প্ৰতিজন ব্যক্তিৰে কৰ্তব্য । টকা-পইচা, সা-সম্পত্তি এইবোৰ দুদিনীয়া । মানৱতাইহে আমাক মানুহ কৰি তুলিব।" ৰাজহুৱা নামঘৰটোৰ সভাপতিৰ সাৱলীল বক্তৃতাত চাৰিওদিশ ৰজনজনাই উঠিছিল ।
      সন্ধিয়াৰ আন্ধাৰত সভাপতিৰ প্ৰৰোচনাত পুতেকহালে কিঞ্চিৎ মাটিৰ লোভতে এজন নিৰপৰাধী লোকৰ পেটত চুৰি বহুৱাইছিল ।

✍️ মিংকু ডেকা
কামৰূপ কলেজ , চামতা
অর্থনীতি বিভাগ
 নলবাৰী ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send