পিতাইৰ জীৱন-বুদ্ধেশ্বৰ মাহালী

©Admin
0
পিতাইৰ হাড়ভঙা কষ্টবোৰ দেখি আহিছোঁ ,
দেখি আহিছোঁ তেওঁৰ ডাঠ কলিজাৰ সাহসবোৰ ;
চাহপাতৰ আভৰণে তেওঁৰ হাতদুখনো ৰঙচুৱা কৰিলে ,
চালবোৰ তেওঁৰ ক্ৰমশঃ কোঁচ খাই আহিলে!!
যেন পুৰণি মেচিন এটাৰ বয়স সম্পূৰ্ণ হৈছে!!
পিতাইৰ এতিয়া প্ৰায় তিনিকুৰি ;
তেওঁৰ বেঁকা ৰাজহাড়ে কঢ়িয়াব নোৱাৰে নিমখ-চাহৰ বগীটিঙৰ ভাৰবোৰ ;
তেওঁৰ যেন ভীষণ কষ্ট বাগানৰ সৌ দূৰণিত পিয়াহত আতুৰ হৈ থকা চম্পা-বুধুৱাক এটুপি নিমখ-চাহ দিবলৈ ;
হ'লেও থমকি নৰয় ; পুৰণি গামোচাখনেৰে ঘামৰ টোপালবোৰ মচি অক্লান্ত হৈ পূৰাই যায় তেওঁৰ দায়িত্ব!!
পিতাই নিৰ্ভীক হ'বলৈ শিকালে...
মেনেজাৰ চতুৰ , চাহেব দিনকণা ,
নেদেখে পিতাইৰ ভিকহু জীৱন ,
নেদেখে তেওঁৰ যন্ত্ৰণা!!
তেওঁলোকে এৰি দিব নোখোজে পিতাইৰ নিপুণ হাতদুখন , তেওঁলোকে এৰি দিব নোখোজে পিতাইৰ দৰে হাজাৰটা হোজা জীৱন!!
তেওঁলোক খাপ পাতি ৰৈ থাকে ,
তেওঁলোকে সুযোগবোৰ বিচাৰি ফুৰে লাঞ্চনা আৰু বঞ্চনা ক'ত কেনেকৈ সুলভ...
সঁচাকৈয়ে ; বৃটিছৰ সূত্ৰত যেন এই নিৰীহ জনতাৰ ইচ্ছা-অভীপ্সাবোৰ চাহগছৰ দৰেই কটা গৈছে ,
প্ৰতিপলে- প্ৰতিখোজে...বৃটিছ যেন আজিও পদে পদে...
আইয়ে সপোন দেখিব কেতিয়া ;
আইয়ে জীৱন দেখিব কেতিয়া ;
তেওঁ কলম ধৰিব নাজানে ,
তেওঁ কটাৰি চলাব জানে ,
তেওঁৰ আট্টালিকাৰ সপোন নাই ,
ভঙা ছাতিৰ তলতেই জীৱন বিচাৰি পায়...
আকৌ ; সপোন দেখিব কেতিয়া ;
সময়বোৰ বাগানৰ গলিত কটায় ,
কিমান যে শুনিব চৰ্দাৰ-মহৰীৰ গালি ,
কিমান যে সহিব ভিকহু জীৱনৰ গাঁথা ,
আইৰ যেন এটাই সপোন ,
কেনেকৈ নিৰিখ পূৰাম , কেনেকৈ টুকুৰি ভৰাই সেউজীয়া গোটাম...
যেন পেটৰ বাবেই আজিও বাধ্য...
মোৰ আই আৰু পিতাই...

✍🏻বুদ্ধেশ্বৰ মাহালী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)