প্ৰিয় সখীলৈ এখন চিঠি~নীলা খামৰ চিঠি-পুৰ্ণেশ্বৰী বৰুৱা

মৰমৰ, 
 চানেকি 
 পোন প্ৰথমে মোৰ হিয়াভৰা মৰম স্নেহ বোৰ ল’বা বুলি আশা কৰিলোঁ৷ তুমি যে ভালে-কুশলে আছা, সেয়াও গমপাওঁ৷ আৰু ভাল হৈ থাকা তাৰ বাবে প্ৰাৰ্থনাৰে তেৰাৰ পৰা আশিষ কামনা কৰিলো৷ মোৰ একৰকম ভালেই৷ তোমাৰ অচিনাকি হ’লেও, তোমাক মই চিনি পাওঁ৷ এই চিনাকি দুদিন মানৰ পৰাহে হোৱা৷ এই কম সময়ৰ চিনাকিতে তোমাক যে মই ভাল পাই পেলাইছোঁ৷ তাৰ বাবে যেন তুমি বেয়া নোপোৱা৷ মনক বান্ধিব নোৱাৰিলোঁ৷ পণ কৰি পেলালো, তোমালৈ চিঠি এখন লিখাৰ কথা৷ সাহস নাই৷ লাজ লাজকৈ লাজুকী মনেৰে সাহস বুলি কোৱা শব্দটিৰ পৰা কিছু সাহস আজুৰি মনৰ কোণাত খোপনি পোতাই শব্দৰ থূপ লগ লগাই লগাই দুটামান শাৰীৰে হাতৰ কলমটি নিখৰাই তোমালৈ বুলি মৰমেৰে চিঠিখন লিখাৰ আৰম্ভ কৰি দিলো দেই৷
 আজিকালি চিঠিৰ ব্যৱহাৰ প্ৰায় নোহোৱাৰ নিচিনাই হৈছে৷ ইলেক্ট’নিক মাধ্যমৰ যোগেদি খা-খবৰৰ পৰা সকলো যোগাযোগৰ ব্যৱস্থা থাউকতে পাব পৰা হ’ল৷ তেনে ক্ষেত্ৰত এই চিঠিৰ প্ৰাধান্যতা কমি অহাতো স্বাভাৱিক কথা৷ তুমিও এই মাধ্যমেদি চলি আহিছা যেতিয়া এই চিঠিয়ে আমোদ দিব পাৰেনে নোৱাৰে সেয়া তোমাৰ কথা৷ বহুত দিন হ’ল, চিঠি নিলিখা৷ ইয়াৰ ধৰণ কৰণ বোৰ হেৰাই যোৱাৰ দৰে হৈছে৷ বাপতি সাহোন স্বৰূপ চিঠিৰ মাদকতা যে বেলেগ সেই উমাল অনুভৱক সাৰোগত কৰি চিঠিখন লিখিবলৈ পাই মনতো মোৰ সঁচাই উৎফুলিত হৈ পৰিছে জানা৷ তাতে আকৌ লিখিছো তোমালৈ৷ সেয়ে মৰমেৰে দিয়া বুলি ভাবি আকোঁৱালিলৈ চিঠিখন মেলি চালে নথৈ সুখী হ’ম দেই৷
 এতিয়া কথা হ’ল- মই তোমাৰ লগত সখী বান্ধিব বিচাৰিছো৷ কাৰণ তুমি সখী চিত্ৰলেখাৰ দৰে সকলো ভাৱ ধাৰনাৰ অনুভৱক হুবহু চিত্ৰ অংকনৰ জড়িয়তে দেখুৱাব পৰা গুণৰ সমাহাৰে মোক আপ্লুত কৰি তুলিছে৷ তোমাৰ জীপাল বুকুত ৰোপিত হোৱা হিয়া বিদৰি যোৱা, হৃদয় মনজুৰোৱা সকলো অনুভৱৰ ফুলনিৰ সুগন্ধি সুবাসত পৰিণত কৰি সকলোতে বিয়পাব পৰা গুণৰ অধিকাৰিনী হৈ থিয় দিছা, সেয়া বৰ ভাল কথা৷ এই ভাল লগা পৰিনতিতেই আজিৰ পৰা তুমি মোৰ প্ৰিয় সখী হৈ ৰ’বা দেই৷ বহুতো কথাই ভাল লগা আবেগেৰে লিখি পেলালো৷ ভাৱৰ ভাৱ-ভঙ্গী শুৱলাকৈ লিখিব নেজানো, অকথাকে কথা বুলি ধৰি ল’বা৷ আগ্ৰহেৰে উত্তৰলৈ বাট চাই ৰলোঁ৷ শেষত প্ৰিয় সখী বুলি আকৌ মৰম যচাৰ লগতে তোমাৰ জীপাল বুকুত থকা সকলোলৈকে মোৰ অজস্ৰ মৰম যাচি, ইমানতে লিখা সামৰণিমাৰি আহিছো দেই৷

ইতি
তোমাৰ মৰমৰ সখী
‘‘মই’’

✍️পুৰ্ণেশ্বৰী বৰুৱা 
নুনমাটি, গুৱাহাটী-২০ 


Post a Comment

Previous Post Next Post