আমাৰ কিছুমান মনোভাৱ বাৰু ভুল নহয়নে ??~অনুভৱ- মানস প্ৰতীম মালী

©Admin
0
আজিকালি প্ৰায়েই এটা বৰ ডাঙৰ সমস্যা হল লৰাটোই চাকৰি নকৰে । আজিও প্ৰায় মানুহে চাকৰি কৰা লৰাটোক যিমান সন্মান দিয়ে কিন্তু আন জ্ঞানী আত্মনিৰ্ভৰশীল লৰা এজনক সিমান সন্মান দিব নোখোজে / নিদিয়ে । আৰে ইমান কষ্ট কৰি পঢ়ি শুনি চাকৰি নোপোৱাটো সিহতৰ ভুল নেকি ? নে সিহতৰ নিজৰ ভৰিত নিজে থিয় দিয়াটো ভুল ? চাকৰি নকৰিলেও এজন খেতিয়কো বহু শিক্ষিত হব পাৰে । শিক্ষিত হলেই যে চাকৰি কৰিব তাৰটো কোনো ধৰাবন্ধা নিয়ম নাই , হওতো সি চাকৰি নেপাৱও পাৰে । আজিকালিও প্ৰায়ভাগ মানুহ আছে , যিয়ে ছোৱালী বিয়া দিয়াৰ সময়ত লৰাজনে চাকৰি কৰেনে শোধে । আৰু লৰাজনে যদি খেতি কৰে বুলি কয় , তেন্তে খেতিয়কলৈ তেওঁৰ ছোৱালী বিয়া নিদিয়ে বুলি কয় । মনোভাৱ ; আচলতে লৰাজনৰ চাকৰি আছেনে নাই শোধাতকৈ লৰাজনৰ স্বভাৱ/চৰিত্ৰ কেনেকুৱা সেইটো শোধক ।
আপোনাৰ ছোৱালীজনীক লৰাজনৰ চাকৰিটোৱে নুখুয়াই খোৱাব লৰাজনে ।আমি টকা পইচাতকৈ লৰাজনৰ স্বভাৱ/চৰিত্ৰতহে বেছি গুৰুত্ব দিব লাগে । কাৰণ লৰাজনৰ স্বভাৱ/চৰিত্ৰ ভাল হলে গোটেই জীৱন টকা উপাৰ্জন কৰিব পাৰিব , তেওঁৰ ছোৱালীজনী দুবেলা-দুসাজ ভালকৈ খাব নেপালেও সেই লৰাজনৰ লগত গোটেই জীৱন সুখত থাকিব পাৰিব । কিন্তু চাকৰি কৰি লাখ লাখ উপাৰ্জন কৰাৰ পাছতো যদি লৰাজনৰ স্বভাৱ চৰিত্ৰ বেয়া হয় , তেতিয়া তেওঁৰ ছোৱালীজনীৰ জীৱন ধ্বংস হৈ যাৱ । আমি সকলোৱে এটা কথা মনত ৰাখিব লাগে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বজাৰখনতো লাখ লাখ টকা দিয়ো মানুহৰ সুখ কিনিব নোৱাৰি । যাৰ 
স্বভাৱ/চৰিত্ৰ বেয়া তাৰ স্বভাৱ/চৰিত্ৰ কোনোদিনেই ভাল নহয় ‌। আমি আমাৰ কিছুমান মনোভাৱ সলনি কৰিবৰ হল । কিছুমান লৰাই চাকৰিৰ আশা নকৰি নিজৰ কৰ্মৰাজিৰে টকা উপাৰ্জন কৰি আছে , আৰু তেনেকৈয়ে জীৱন সুচাৰুৰূপে অতিবাহিত কৰি আছে । শেষত এইটোৱেই কম যে আমি আমাৰ মনোভাৱ সলনি কৰি লৰাজনৰ চাকৰিতকৈ লৰাজনৰ স্বভাৱ/চৰিত্ৰত বেছি গুৰুত্ব দিয়াটো অতি দৰকাৰী ।

✍️ মানস প্ৰতীম মালী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)