ৰণ-শান্তনু বৰুৱা

আৱেগৰ যথাৰ্থতাক
কাল এন্ধাৰে আৱৰে
বিৰল মনা ৰঙত
সৰল মনৰ
বলিশাল এয়া
আকাশে গৰজে
কালজয়ী মনোভাৱ
মোৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
 
নিষ্ঠুৰ হৈ কান্দে
মোৰ প্ৰতিটো পলে

যুঁজ দিও সময়ৰ সৈতে
সজল মনে

এন্ধাৰত প্ৰিয় 
মোৰ অতীতৰ সুৰ

দিঠকত মই যেন স্বপ্ন বিভুৰ।

✍️শান্তনু বৰুৱা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send