মানুহৰ চুলিৰ ৰং ক'লা কিয় ?

Rinku Rajowar
0
মানুহৰ চুলিৰ ৰং সাধাৰণতে ক'লা । এই কথাটোৰ বাবে দায়ী হল মেলানিন নামৰ এক পিগমেন্ট । এই পিগমেন্টবিধ শৰীৰেই সংশ্লেষণ কৰে । বয়স বাহিলে যেতিয়া শৰীৰৰ মেলানিন উত্‍পাদন ক্ষমতা কমে, তেতিয়া চুলিৰ ৰং বগা হয় ।

মানুহৰ ৰং বগা হ'বনে ক'লা হ'ব এই কথাটোৰ বাবে আপোনাৰ মা-দেউতা বা আপুনি দায়ী নহয় প্ৰকৃততে মেলানিন দায়ী । শৰীৰত মেলানিনৰ পৰিমাণ অধিক হ'লে মানুহজন ক'লা হয়, মেলানিনৰ পৰিমাণ কিছু পৰিমাণে কম হলে মানুহজন বাদামী বা মিঠা বৰণীয়া হয় । আৰু ন্যুনতম হলে মানুহজন বগা হয় ।

আনহাতে তাপেও মেলানিন উত্‍পাদনত সহায় কৰে । সেইবাবে গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ মানুহৰ গাৰ ৰং প্ৰধানত: কলা আৰু শীতপ্ৰধান অঞ্চলৰ মানুহৰ ৰং সাধাৰণতে বগা হয় ।

মেলানিয়ে আমাৰ শৰীৰক অতি বেঙুণীয়া ৰশ্মিৰপৰাও আমাক সুৰক্ষা দিয়ে । সেয়েহে বগা মানুহৰ তুলনাত ক'লা মানুহ তুলনামূলকভাৱে কম পৰিমাণে ''স্কিন কেন্সাৰ''ত আক্ৰান্ত হয় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)